সীমা বিবাদ সমাধানৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু পেমা খাণ্ডুৰ বৈঠক!

আজি অসম-অৰুণাচল অমীমাংসিত সীমা বিবাদ সমাধানৰ বাবে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু পেমা খাণ্ডুৰ বৈঠক। বৈঠক অনুষ্ঠিত হ’ব অৰুণাচল প্ৰদেশৰ নামচাইত। দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত এনেধৰণৰ এয়া তৃতীয় সংখ্যক বাৰ্তালাপ হ’ব। আগৰ বৈঠকত দুয়োখন ৰাজ্য চৰকাৰে দশক পুৰণি সীমা সমস্যা সমাধানৰ বাবে কেবিনেট মন্ত্ৰীসকলৰ নেতৃত্বত জিলা পৰ্যায়ৰ সমিতি গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ।

উল্লেখ্য যে, দুয়োখন ৰাজ্যৰ মাজত ৮০৪.১ কিলোমিটাৰ দীঘল সীমান্ত আছে। উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পুনৰ্গঠনৰ সময়ত উদ্ভৱ হোৱা সীমা সমস্যাটো এই পৰ্যন্ত উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। অসম-অৰুণাচল সীমান্তৰ ১২৩ খন গাঁৱৰ বাবে বৈঠকৰ ফলাফল অতি গুৰুত্বপূৰ্ণ বিবেচিত হ’ব।।

You might also like
Leave A Reply

Your email address will not be published.