১,৩৮৩ কোটি টকা মূল্যৰ মেফেড্ৰ’ন উদ্ধাৰ!

বুধবাৰে মুম্বাই এণ্টি নাৰ্কটিকছ চেল, গুজৰাট আৰক্ষীৰ এছ অ’ জি আৰু ভৰুচ আৰক্ষীৰ যৌথ অভিযানত ১,৩৮৩ কোটি টকা মূল্যৰ মেফেড্ৰ’ন উদ্ধাৰ ।
ভৰুচ জিলাৰ পানোলীৰ সমীপত মেফেড্ৰ’ন প্ৰস্তুত কৰা কাৰখানাত ১৩৮৩ কোটি টকাৰ নিষিদ্ধ সামগ্ৰী খিনি উদ্ধাৰ কৰে। অভিযান কালত দুজন লোকক আটক কৰা হয়। জব্দকৃত ১,৩০০ লিটাৰ মেফেড্ৰন তৰল ৰূপত উদ্ধাৰ হোৱাৰ বিপৰীতে কঠিন ৰূপত ৮৩ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰা হৈছে। পূৰ্বতে উল্লেখ কৰা খিনিৰ উপৰি অঞ্চলটোৰ পৰা আৰক্ষীয়ে ১৩.২৪ লাখ টকাৰ ৰাসায়নিক দ্ৰব্য, দুটা মোবাইল ফোন আৰু অন্যান্য নথি-পত্ৰ জব্দ কৰে বুলি ভাৰুচৰ আৰক্ষী অধীক্ষক লীনা পাটিলে জানিবলৈ দিয়ে।

You might also like
Leave A Reply

Your email address will not be published.