জম্মু কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদী মাজত তুমুল সংঘৰ্ষ!

নেচনেল ডেস্ক:

জম্মু কাশ্মীৰৰ ছৌপিয়ানত পুনৰ সেনা আৰু সন্ত্ৰাসবাদী মাজত তুমুল সংঘৰ্ষ। এই গুলীচালনাৰ ঘটনা সংঘটিত হয় সোমবাৰে দক্ষিণ কাশ্মীৰৰ ছৌপিয়ান জিলাৰ বাস্কুচান গাঁৱত ।জানিব পৰা মতে,সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য পোৱাৰ পিছতেই আৰক্ষী, সেনা আৰু চিআৰপিএফৰ এটা যুটীয়া বাহিনীয়ে অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰে ।ইয়াৰ পিছতেই সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত আক্ৰমণ সংঘটিত কৰে। প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষী বাহিনীয়ে সন্ত্ৰাসবাদীৰ ওপৰত গুলীচালনা কৰে । অঞ্চলটোত দুই বা তিনিটা সন্ত্ৰাসবাদী লুকাই থকাৰ সন্দেহ নিৰাপত্তাৰক্ষীৰ।এই পৰ্যন্ত দুয়োপক্ষৰ কোনো লোকৰ হতাহতি হোৱা নাই বুলি জানিব পৰা গৈছে।।

You might also like
Leave A Reply

Your email address will not be published.