অৱশেষত দিল্লী আৰক্ষীৰ জালত কুখ্যাত গাড়ীচোৰ অনিল চৌহান!

নেচনেল ডেস্ক:

অৱশেষত দিল্লী আৰক্ষীৰ জালত কুখ্যাত গাড়ীচোৰ অনিল চৌহান। বিগত ২৭ বছৰত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পাঁচ হাজাৰৰো অধিক গাড়ীৰ চুৰি কৰাৰ অভিযোগেৰে অভিযুক্ত ধৃত অনিল চৌহান। অভিযুক্ত অনিল চৌহানক দিল্লী আৰক্ষীয়ে দেশবন্ধু ৰ’ডৰ পৰা আটক কৰা বুলি জানিব পৰা গৈছে। ধৃত অনিলৰ পৰা আৰক্ষীয়ে ছয়টা পিষ্টল আৰু সাতটা কাৰ্টিজ জব্দ কৰে। শেহতীয়াকৈ অনিল অস্ত্ৰ সৰবৰাহৰ সৈতেও জড়িত থকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে কুখ্যাত গাড়ীচোৰ অনিল কংগ্ৰেছ দলৰ প্ৰাক্তন বিধায়কা ৰুমী নাথৰ ঘনিষ্ঠ হোৱাৰ লগতে লোকনিৰ্মান বিভাগৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ ৰূপেও পৰিচিত। ২০১৫ চনৰ পৰা ২০২০ চনলৈ ৰঙা ঘৰৰ আলহী হোৱা অনিল চৌহান দিল্লী, মুম্বাই আৰু উত্তৰ-পূৱত অগাধ সম্পত্তিৰ গৰাকী বুলি আৰক্ষী সুত্ৰই সদৰি কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.