উত্তৰ প্ৰদেশৰ লক্ষীমপুৰত যোৱা ১ ছেপ্টেম্বৰত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা। দুগৰাকী দলিত সম্প্ৰদায়ৰ ভগ্নীক বলৎকাৰ কৰি হত্যাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় কিশোৰী দুগৰাকীৰ মৃতদেহ। এই জঘন্য ঘটনাৰ লগত জড়িত ৬ অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ইয়াৰে এটা অভিযুক্ত আহত হয় আৰক্ষীৰ গুলীত। কিশোৰী দুগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন কৰাৰ পৰৱৰ্তী সময়ত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। দুই ভগ্নীক বলৎকাৰ কৰি ডিঙি চেপি হত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে। এই হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিবলৈ গছত ওলমাই থৈ যায় কিশোৰী দুগৰাকীৰ মৃতদেহ। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি যোগী চৰকাৰক কঠোৰ সমালোচনা বিৰোধীৰ। দলিত কিশোৰীৰ জঘন্য হত্যাকাণ্ডক লৈ ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.