চীনৰ গুইঝৌ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা!

ইণ্টাৰনেচনেল ডেস্ক:

চীনৰ গুইঝৌ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা। দেওবাৰে পুৱা দক্ষিণ-পশ্চিম চীনৰ পাহাৰীয়া গুইঝৌ প্ৰদেশৰ এটা ঘাইপথত এখন যাত্ৰীবাহী বাছ বাগৰি পৰাৰ ফলত ২৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন ২০ গৰাকী আহত হয়। দুৰ্ঘটনাটো সংঘটিত হয় প্ৰদেশখনৰ ৰাজধানী গুইয়াঙৰ পৰা প্ৰায় ১৭০ কিলোমিটাৰ দক্ষিণ-পূবে অৱস্থিত ছাণ্ডু কাউন্টিত। জানিব পৰা মতে, বাছখনত ৪৭ গৰাকী যাত্ৰী আছিল। আহত ২০ সকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি আৰক্ষী সুত্ৰই সদৰি কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.