➡️১৭৩১ চনৰ আজিৰ দিনটোতে ইংৰাজ বিজ্ঞানী হেনৰী কেভেণ্ডিছৰ জন্ম হৈছিল।
➡️১৮৮৫ চনৰ ১০ অক্টোবৰত আমেৰিকান কবি এজৰা পাউণ্ডৰ জন্ম হৈছিল।
➡️দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ জন্ম হৈছিল ১৮৯৭ চনৰ ১০ অক্টোবৰত।
➡️১৯০৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় ঔপন্যাসিক আৰ কে নাৰায়ণৰ জন্ম হৈছিল।
➡️১৯০৯ চনৰ ১০ অক্টোবৰত সাহিত্যিক ৰমা দাশৰ জন্ম হৈছিল।
➡️অসম বিধানসভাত চৰকাৰী ভাষা আইন (Official Language Act XXIII, 1960) উত্থাপন কৰা হৈছিল ১৯৬২ চনৰ ১০ অক্টোবৰত।
➡️১৯৬৪ চনৰ আজিৰ দিনটোতে টকিঅ’ত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল । ২৪ অক্টোবৰত এই সমাৰোহৰ সামৰণি পৰিছিল ।
➡️১৯৭০ চনৰ ১০ অক্টোবৰত ফিজিয়ে স্বাধীনতা লাভ কৰিছিল।
➡️১৯৯৯ চনৰ আজিৰ দিনটোতে বিজেপি তথা আন কেইটামান দলৰ মিত্ৰজোঁটৰ কেন্দ্ৰত চৰকাৰ গঠন হৈছিল। অটল বিহাৰী বাজপেয়ী পুনৰ ভাৰতৰ প্ৰধান মন্ত্ৰী হৈছিল।
➡️বিশ্বৰ প্ৰথমগৰাকী মহিলা প্ৰধান মন্ত্ৰী শ্ৰীলংকাৰ শ্ৰীমাভো বন্দৰনায়কৰ মৃত্যু হৈছিল ২০০০ চনৰ ১০ অক্টোবৰত।
➡️২০০২ চনৰ ১০ অক্টোবৰত হাংগেৰীৰ ঔপন্যাসিক ইমৰে কাৰ্টেজলৈ সাহিত্যৰ ন’বেল বঁটা ঘোষণা কৰা হৈছিল।
➡️২০০৩ চনৰ আজিৰ দিনটোতে ইৰাণৰ মানৱাধিকাৰ নেত্ৰী তথা আইনজীৱী শ্বিৰিন এবাৰ্ডলৈ শান্তিৰ ন’বেল বঁটা ঘোষণা কৰা হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১০ অক্টোবৰ
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like