দিল্লীত সংঘটিত এক শোকাৱহ ঘটনা!

দিল্লীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। দিল্লীৰ লাহোৰী গেটৰ সমীপত এটা জৰাজীৰ্ণ দুমহলীয়া অট্টালিকা ভাঙি পৰাত চাৰি বছৰীয়া কিশোৰীসহ তিনিজন লোকৰ মৃত্যু। খৱৰটো সদৰি কৰে দিল্লী আৰক্ষীয়ে। দেওবাৰে গধুলি ৭:৩০ বজাত সংঘটিত হৈছিল এই মৰ্মান্তিক ঘটনাটো। সোমবাৰে পুৱতি নিশালৈকে চলি থকা অভিযানত উদ্ধাৰ কৰা হয় আৰু দুজন লোকক । ইয়াৰ পূৰ্বে দহজন লোকক উদ্ধাৰ কৰি লোকনায়ক জয় প্ৰকাশ নাৰায়ণ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।NDRFৰ পাঁচটা দল ঘটনাস্থলীত উপস্থিত হৈ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। আনহাতে গাফিলতি আৰু জীৱন বা ব্যক্তিগত সুৰক্ষা বিপন্ন কৰি ৩০৪এ, ৩৩৬, ৩৩৭, আৰু ৩৩৮ ধাৰাত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.