▶️১৬৭৫ চনৰ আজিৰ দিনটোতেই নৱম শিখগুৰু তেগ বাহাদুৰৰ মৃত্যু হৈছিল।
▶️১৯০১ চনৰ এই দিনটোতেই বেৰিষ্টাৰী পাছ কৰি মোহনদাস কৰমচান্দ গান্ধীৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন।
▶️১৯০৬ চনৰ এই দিনটোতেই ছোভিয়েট যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপ্ৰধান লিঅ’নিভ ব্ৰেজনেভৰ জন্ম হৈছিল।
▶️১৯৬১ চনৰ এই দিনটোতেই পৰ্তুগীজৰ অধিনৰ পৰা গোৱাৰ মুক্তি।
▶️১৯৭৮ চনৰ আজিৰ দিনটোতেই লোকসভাৰ পৰা ইন্দিৰা গান্ধীক বহিস্কাৰ।
▶️১৯৮৪ চনৰ এই দিনটোতেই ১৯৯৭ চনত হংকঙক চীনলৈ হস্তান্তৰৰ চুক্তি চীন আৰু ব্ৰিটেইনৰ মাজত।
▶️১৯৮৯ চনৰ এই দিনটোতেই ফাৰ্ণাণ্ডো কোলাৰ ডি মেলো ব্ৰাজিলৰ ৰাষ্ট্ৰপতি হৈছিল।
▶️১৯৯১ চনৰ এই দিনটোতেই মটৰগাড়ী নিৰ্মাণ শিল্পৰ অন্যতম অগ্ৰণী প্ৰতিষ্ঠান আমেৰিকাৰ জেনেৰেল মটৰ্ছৰ ২১ টা কাৰখানা বন্ধ হৈ ৭৪,০০০ কৰ্মী কৰ্মচ্যুত হৈছিল।
▶️১৯৯৫ চনৰ এই দিনটোতেই বংগৰ পুৰুলিয়াত কোনো অজ্ঞাত ব্যক্তি-সংগঠনৰ বিমানযোগে AK47 বন্দুক,ৰকেট লান্সাৰ,এন্টি টেংক গ্ৰেনেডসহ বহু অস্ত্ৰ-শস্ত্ৰৰ অৱতৰণ।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই ১৯১২ চনত এক শোকাৱহ দুৰ্ঘটনাত পতিত বিলাসবহুল জাহাজ টাইটানিক ধ্বংস হোৱাৰ পাছত এই বছৰ পুনৰ একে নামেৰে এখন জাহাজ নিৰ্মাণ হয় আৰু আগৰখনৰ যাত্ৰা পথেৰেই এইখনে যাত্ৰা কৰে।এই যাত্ৰাৰ টেলিভিছনযোগে পোনপটীয়া সম্প্ৰচাৰো হয়।
▶️২০০০ চনৰ এই দিনটোতেই বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিকৰ মৃত্যু হৈছিল।
▶️২০০১ চনৰ আজিৰ দিনটোতেই ভাৰত-পাকিস্তান সীমান্তত গুলীয়াগুলী,যুদ্ধংদেহি পৰিস্থিতিৰ সুচনা।
▶️১৯৭৪ চনৰ আজিৰ দিনটোতেই অষ্ট্ৰেলিয়াৰ প্ৰসিদ্ধ ক্ৰিকেটাৰ ৰিকি পন্টিঙৰ জন্ম হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৯ ডিচেম্বৰ
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
You might also like