আজি ২১ ডিচেম্বৰ

▶️১৮৭৯ চনৰ এই দিনটোতেই ছোভিয়েট ৰাষ্ট্ৰনায়ক যোচেফ ষ্টেলিনৰ জন্ম হৈছিল।
▶️১৯০৯ চনৰ আজিৰ দিনটোতেই ৰবাৰ্ট পিয়েৰীয়েই উত্তৰ মেৰুত পদাৰ্পণ কৰা ব্যক্তি ৰূপে ঘোষণা ডেনমাৰ্কৰ কোপেনহেগেন বিশ্ববিদ্যালয় কমিটিৰ।
▶️১৯৫২ চনৰ এই দিনটোতেই ছইফুদ্দিন কিচলুলৈ ৰাছিয়াৰ লেনিন শান্তি পুৰস্কাৰ আগবঢ়োৱা হৈছিল। এই সন্মান লাভ কৰা এওঁৱেই প্ৰথম ভাৰতীয়।
▶️১৯৮৮ চনৰ এই দিনটোতেই ভাৰতীয় অভিযাত্ৰী দলৰ সদস্য ৰূপে ৰাঘৱ চন্দ্ৰ ডেকাৰ এন্টাৰ্কটিকালৈ যাত্ৰা।এন্টাৰ্কটিকালৈ যোৱা ডেকাই হ’ল প্ৰথম অসমীয়া।দলটোৱে ২৫ নৱেম্বৰত গোৱাৰ পৰা যাত্ৰা আৰম্ভ কৰি ২১ ডিচেম্বৰৰ দিনৰ ১:৩০ বজাত এন্টাৰ্কটিকাত উপস্থিত হৈছিলগৈ।
▶️২০০২ চনৰ এই দিনটোতেই ‘মহৎ ঐতিহ্য’ গ্ৰন্থৰ বাবে নলিনীধৰ ভট্টাচাৰ্যলৈ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.