নিউজ ডেস্ক:
হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে মানহানি গোচৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ। কামৰূপ জিলা সত্ৰ ন্যায়াধীশ আদালতত হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে গোচৰ তৰিলে প্ৰমোদ বড়োৱে। উল্লেখ্য যে, কিছুদিন পূৰ্বে BPF ৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীৰ বাসগৃহত আৰক্ষীয়ে চলোৱা অভিযানত উদ্ধাৰ হৈছিল বুজন পৰিমাণৰ অস্ত্ৰ–শস্ত্ৰ। এই ঘটনাৰ পিছতে হিতেশ বসুমতাৰীৰ ঘৰত উদ্ধাৰ হোৱা অস্ত্ৰ–শস্ত্ৰ প্ৰমোদ বড়োৱে লুকুৱাই ৰখা বুলি অভিযোগ উত্থাপন কৰিছিল হাগ্ৰামা মহিলাৰীয়ে। মহিলাৰীৰ এই মন্তব্যৰ বিৰুদ্ধে আজি আদালতত গোচৰ তৰে BTR প্ৰধানগৰাকীয়ে। কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাগ্ৰামাৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানি গোচৰ তৰিলে প্ৰমোদ বড়োৱে।