নিউজ ডেস্ক– এটা সুখবৰ। দেশত হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশত ৫০,০৪০জন নতুনকৈ কৰোনাত আক্ৰান্ত। মৃত্যু হৈছে ১২৫৮গৰাকীৰ। সুস্থ হৈ ঘৰলৈ উভতিছে ৬৪,৮১৮ গৰাকী।
অসমত বিগত ২৪ ঘন্টাত সামান্য বৃদ্ধি কোভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১,৫২৩ গৰাকী। ইয়াৰ বিপৰীতে মৃত্যুমুখত পৰিছে ৩৭ গৰাকী। গুৱাহাটী মহানগৰত আক্ৰান্ত হৈছে ১৭৯ গৰাকী। বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ হাৰ ২.৭৬ শতাংশলৈ বৃদ্ধি।
বিশ্বত মুঠ আক্ৰান্ত ১৮১,৮৬২,১৯১ গৰাকী লোক। মৃত্যুমুখত পৰিছে ৩,৯৩৮,৮৩৭গৰাকী। এই পৰ্যন্ত আৰোগ্য লাভ কৰিছে ১৬৬,৩৭৬,২৭৪ গৰাকী।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
ক’ভিড আপডেট
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like