অসমত ধৰা পৰিল H3N2ৰ প্ৰথমগৰাকী ৰোগী

আই ডি এছ পি নেটৱৰ্কৰ জৰিয়তে অসমত ইনফ্লুৱেঞ্জাৰ পৰা উদ্ভৱ হ'ব পৰা পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে

নিউজ ডেস্ক :

সমত ধৰা পৰিল H3N2ৰ প্ৰথমগৰাকী ৰোগী। স্বাস্থ্য বিভাগে সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী (আই ডি এছ পি) নেটৱৰ্কৰ জৰিয়তে অসমত এই ইনফ্লুৱেঞ্জাৰ পৰা উদ্ভৱ হ’ব পৰা পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।

সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচীৰ অধীনত জিলামূহৰ বিভাগীয় বিষয়াসকলে কেন্দ্ৰ আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (আইচিএমআৰ) প্ৰণয়ন কৰা নিৰ্দেশনা অনুসৰি অসমৰ এই জনস্বাস্থ্যমূলক প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ আছে বুলি বিভাগীয় বুলেটিন যোগে সদৰি কৰে।

অবশ্যে মাৰ্চ মাহৰ শেষৰ পৰা ঋতুভিত্তিক ইনফ্লুৱেঞ্জাৰ ফলত হোৱা ৰোগীৰ সংখ্যা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে বুলি বুলেটিনত উল্লেখ কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.