মাতৃক হত্যা কৰি কন্যাই মৃতদেহৰ টুকুৰা ভৰালে আলমাৰীত!

নেচনেল ডেস্ক

 

দিল্লীৰ শ্ৰদ্ধা ৱাকাৰ আৰু নিকি যাদৱ হত্যাকাণ্ডৰ চাঞ্চল্যৰ ঢৌ মাৰ নাযাওঁতেই পুনৰ পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড। এই বৰ্বৰ হত্যাকাণ্ড সংঘটিত হৈছে মায়ানগৰী মুম্বাইত। মুম্বাইৰ এটা অট্টালিকাৰ আলমাৰীত ভৰাই থোৱা প্লাষ্টিকৰ বেগৰ পৰা উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ ক্ষত-বিক্ষত মৃতদেহ । আৰক্ষীয়ে জানিবলৈ দিয়া মতে বীনা জৈন নামৰ মহিলা গৰাকীৰ অংগচ্ছেদ কৰি এটা টেংকৰ ভিতৰত ষ্টীলৰ বাকচত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে । এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, মৃত মহিলাগৰাকীৰ ভাতৃ আৰু ভতিজাকে মঙলবাৰে আৰক্ষীৰ ওচৰত মহিগৰাকী নিৰুদ্দেশ হোৱা বুলি অভিযোগ দাখিল কৰিছিল । অভিযোগৰ ভিত্তিত এপাৰ্টমেণ্টটোত আৰক্ষীয়ে তালাচী চলাই আলমাৰীটোত থকা প্লাষ্টিকৰ বেগটো উদ্ধাৰ কৰে। ইফালে আৰক্ষীয়ে মৃত মহিলাগৰাকীৰ কন্যা ৰিম্পল জৈনক কেইবাঘণ্টা ধৰি জেৰা চলোৱাৰ পিছত মাতৃৰ হত্যাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে কেনেদৰে তেওঁৰ মৃত্যু হৈছিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে।।

You might also like
Leave A Reply

Your email address will not be published.