পিতৃয়ে সতীয়া কন্যাক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত ২৫ বছৰৰ কাৰাদণ্ড!

নিউজ ডেস্ক:

কামৰূপ মেট্ৰ’ জিলাৰ সোনাপুৰৰ ৰাজু কিষাণ ওৰফে মাংৰা নামৰ এজন ব্যক্তিক তেওঁৰ সতীয়া কন্যাক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হৈছে ।
উল্লেখ্য যে ২০১৯ চনত স্থানীয় লোকৰ এক গোচৰৰ ভিত্তিত আৰক্ষীয়ে ৰাজু কিষাণ ওৰফে মাংৰা নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিছিল । সেই গোচৰৰ ভিত্তিতেই এখন বিশেষ আদালতে যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা(পকচো)আইনৰ অধীনত ৰাজু কিষাণক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড ৰায় প্ৰদান কৰে ।
আদালতে ৰাজু কিষাণৰ ওপৰত দহহাজাৰ টকাৰ জৰিমনা আৰোপ কৰাৰ উপৰিও কামৰূপ জিলা আইনী সেৱা প্ৰাধিকৰণে ভুক্তভোগী নাবালিকা ছোৱালীজনীক এক লাখ টকাৰ ক্ষতিপূৰণ প্ৰদানৰ বাবে আদেশ দিয়ে । এই জঘন্য ঘটনাটোক গৰিহনা দিছে স্থানীয় ৰাইজে ।

You might also like
Leave A Reply

Your email address will not be published.