মঙলবাৰে নিশা প্ৰচণ্ড ভূমিকম্পই কঁপালে আফগানিস্তান!

ইণ্টাৰনেচনেল ডেস্ক:

ঙলবাৰে নিশা প্ৰচণ্ড ভূমিকম্পই কঁপালে আফগানিস্তান। উত্তৰ-পূব আফগানিস্তানত সংঘটিত হোৱা ভূমিকম্পৰ ফলত শিশুসহ মৃত্যু কমেও ১১ গৰাকী লোকৰ । ৰিখটাৰ স্কেলত ৬.৫ প্ৰাবল্যত সংঘটিত হয় এই ভূমিকম্প।ভূমিকম্পটোৰ অভিকেন্দ্ৰ হিন্দু কুশ পৰ্বতমালাৰ আফগান চহৰ জুৰমৰ পৰা ৪০ কিলোমিটাৰ দক্ষিণ-পূবে আৰু ভূপৃষ্ঠৰ পৰা ১৮৭.৬ কিলোমিটাৰ গভীৰতাত। ভূমিকম্পৰ ফলত বহু অট্টালিকাৰ ক্ষতিসাধন হোৱাৰ লগতে ভূমিস্খলনো সংঘটিত হয়।
ইফালে ভূমিকম্পৰ তীব্ৰ জোকাৰণি অনুভূত হয় চুবুৰীয়া ভাৰত, পাকিস্তান, চীন, উজবেকিস্তান, টুৰ্কমেনিস্তান আদি দেশতো।।

You might also like
Leave A Reply

Your email address will not be published.