ফ্লেটৰ ভিতৰত বস্তাত উদ্ধাৰ কন্যা শিশুৰ মৃতদেহ!

নেচনেল ডেস্ক:

লকাতাত নৃসংশ হত্যাকাণ্ড। ৭বছৰীয়া কন্যা শিশুক অপহৰণৰ পাছত হত্যা কৰি বস্তাত ভৰাই থ’লে চুবুৰীয়াই ।শিশুটিৰ মৃতদেহটো চুবুৰীয়াৰ ফ্লেটৰ পৰা এটা বস্তাৰ ভিতৰত উদ্ধাৰ কৰে আৰক্ষীয়ে। কলকাতাৰ শ্ৰীধৰ ৰয় ৰোডৰ বাসিন্দা আছিল ৭বছৰীয়া শিশুটি।দেওবাৰে পুৱাৰ পৰা সন্ধানহীন হৈ আছিল শিশুটি। স্থানীয় লোকে জনোৱা অনুসৰি, ভুক্তভোগী শিশুটিৰ পৰিয়ালে তিলজালা আৰক্ষী থানাত নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এপাৰ্টমেন্টটোৰ ভিতৰত থকা ৩২টা ফ্লেটৰ সকলোবোৰতে পুংখানুপুংখভাৱে তালাচী অভিযান চলাইছিল। কিন্তু কনমানি ছোৱালীজনীক কোনোপধ্যেই বিচাৰি পোৱা নাছিল।স্থানীয় বাসিন্দাসকলে CCTV কেমেৰা নিৰীক্ষণ কৰাত শিশুটি কাষৰ এটা অট্টালিকাত প্ৰৱেশ কৰা দেখিছিল।কিন্তু ফুটেজটো আৰক্ষীক দেখুওৱা স্বত্বেও, আৰক্ষীয়ে শিশুটিক বিচাৰি উলিয়াব পৰা নাছিল। দিনযোৰা অনুসন্ধানৰ পিছত চুবুৰীয়াসকলে সন্ধিয়া কাষতে বন্ধ হৈ থকা এটা ঘৰ লক্ষ্য কৰাৰ পিছতে সন্দেহজনক হৈ পৰিছিল ঘৰটো। আৰক্ষীয়ে ঘৰটোৰ তলাটো ভাঙি তালাচী চলোৱাত এটা বস্তাৰ ভিতৰত সন্ধানহীন ছোৱালীজনীৰ মৃতদেহটো প্ৰতক্ষ্য কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি মৃতদেহটো আলোক কুমাৰ নামৰ চুবুৰীয়া ব্যক্তিজনৰ ফ্লেটৰ দ্বিতীয় মহলাত উদ্ধাৰ কৰে। আৰক্ষীয়ে শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আলোক কুমাৰ নামৰ অপৰাধীটোক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। আৰক্ষীৰ জেৰাত আলোক কুমাৰে হত্যাৰ কথা নিজ মুখে স্বীকাৰ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি শিশুটিৰ মূৰ আৰু কাণত প্ৰচণ্ড আঘাতৰ চিন পোৱা গৈছে। উক্ত ঘটনাৰ পিছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। চুবুৰীয়াসকলে আৰক্ষীৰ অৱহেলাৰ অভিযোগ উত্থাপন কৰি তিলজালা আৰক্ষী থানাত প্ৰতিবাদ সাব্যস্ত কৰে।পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে অতিৰিক্ত বাহিনী মোতায়েন কৰাৰ লগতে আৰক্ষী থানাৰ গেটবন্ধ কৰি দিয়ে।।

You might also like
Leave A Reply

Your email address will not be published.