ইজিপ্তত ভয়ংকৰ পথ দুৰ্ঘটনা!

দুৰ্ঘটনাত ১৪ গৰাকী লোক নিহত হোৱাৰ বিপৰীতে আহত হয় ২৫ গৰাকীকৈ লোক

ইণ্টাৰনেচনেল ডেস্ক:

জিপ্তত ভয়ংকৰ পথ দুৰ্ঘটনা। দক্ষিণ-পশ্চিম ইজিপ্তৰ মৰুভূমিৰ এটা ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী যাত্ৰীবাহী বাছৰ সৈতে এখন অভাৰলোড ট্ৰাকৰ সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা। দুৰ্ঘটনাত ১৪ গৰাকী লোক নিহত হোৱাৰ বিপৰীতে আহত হয় ২৫ গৰাকীকৈ লোক । জানিব পৰা মতে, ইজিপ্তৰ এছচুইট-খাৰ্গা ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাটো । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ১৭ খন এম্বুলেন্সৰ সহায়ত আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে নিহত সকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।।

You might also like
Leave A Reply

Your email address will not be published.