নোহোৱা হ’ব বছৰ বছৰ ধৰি থকা নিষ্ক্ৰিয় টুইটাৰ একাউণ্টসমূহ

নিউজ ডেস্ক:

নোহোৱা হ’ব বছৰ বছৰ ধৰি থকা নিষ্ক্ৰিয় টুইটাৰ একাউণ্টসমূহ। এই ঘোষণা টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কৰ। মাইক্ৰ’ ব্লগিং প্লেটফৰ্মটোত থকা নিষ্ক্ৰিয় হেণ্ডেলসমূহ মুক্ত কৰাৰ বাবে এই পদক্ষেপ লোৱা বুলি টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দায়িত্ব লোৱাৰ পিছতে ইলন মাস্কে টুইটাৰলৈ অনা বহু পৰিৱৰ্তনৰ মাজতে এই শেহতীয়া ঘোষণাই ব্যৱহাৰকাৰীসকলৰ অনুগামীৰ সংখ্যা হ্ৰাস পোৱাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে।

শেহতীয়াকৈ টুইটাৰে ভেৰিফাইড একাউণ্টৰ পৰা “লেগেচি ব্লু টিক” আঁতৰোৱাৰ সিদ্ধান্তৰ ফলত শ্বাহৰুখ খান, অমিতাভ বচ্চন, আলিয়া ভাটকে ধৰি কেইবাগৰাকীও বলীউডৰ চেলিব্ৰিটিয়ে নিজৰ ব্লু টিক হেৰুৱাবলগীয়া হৈছিল। টুইটাৰ ব্লুৰ বাবে ধন আদায় দিয়াৰ পিছতহে উভতাই পাইছিল ভেৰিভাইড ব্লু টিক।

অৱশ্যে এই ঘোষণাৰ পিছতে টুইটাৰত নেটিজেনে মাস্কৰ পদক্ষেপক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ইলন মাস্কক এই সিদ্ধান্তৰ ওপৰত পুনৰ বিবেচনা কৰিবলৈও আহ্বান জনায় নেটিজেনে।।

You might also like
Leave A Reply

Your email address will not be published.