লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি উন্মোচন

আজি প্ৰধানমন্ত্ৰীয়ে হোলোঙাপাৰত উন্মোচন বীৰ লাচিত বৰফুকনৰ প্রতিমূর্তি

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিলে বীৰ লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমূৰ্তি। এই বিশাল ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটোৰ উচ্চতা প্ৰায় ১২৫ ফুট। যোৰহাটৰ হোলোঙাপাৰৰ লাহদৈগড়ত বীৰ লাচিত বৰফুকনৰ ১২৫ ফুট উচ্চতাৰ এক বিশাল প্ৰতিমূৰ্তিৰ স্থাপন কৰাৰ মূল লক্ষ্য ৰাজ্যখনৰ চহকী ইতিহাস আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি সন্মান জনোৱা।

১৬৭১ চনত মোগলৰ আগ্ৰাসনক বিফল কৰা শৰাইঘাটৰ যুদ্ধত নেতৃত্বৰ বাবে পৰিচিত বিখ্যাত সেনাপতি মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি অসমীয়া জনসাধাৰণৰ বীৰ আৰু মনোভাৱৰ প্ৰতীক। এই মূৰ্তিটো উন্মোচনে কেৱল এজন ঐতিহাসিক ব্যক্তিক শ্ৰদ্ধাঞ্জলি জনোৱাই নহয়, আগন্তুক প্ৰজন্মৰ বাবেও প্ৰেৰণাৰ উৎস।

প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰা লাচিত বৰফুকনৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি ১৭৫ কোটিটকীয়া ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে৷ প্ৰকল্পৰ বাবে ৪৯ বিঘা ২ কঠা ১৭ লেচা মাটি অধিগ্ৰহণ কৰা হৈছে। উক্ত প্ৰকল্পত লাচিত বৰফুকনৰ ১২৫ ফুট দৈৰ্ঘ্য প্ৰতিমূৰ্তিৰ লগতে ভিজুৱেল ছিষ্টেম, পানীৰ ফোঁৱাৰা আৰু আৱাসিক ব্লককে ধৰি বহু আন্তঃগাঁথনিৰ কাম সন্নিৱিষ্ট হৈ আছে ।তাৎপৰ্যপূৰ্ণ যে, লাচিত বৰফুকনক দেশ তথা বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে বিগত বৰ্ষত অসম চৰকাৰে বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী নতুন দিল্লীত উদযাপন কৰিছিল ।

ৰাজ্য চৰকাৰৰ উন্নয়ণ আৰু সমাজ কল্যাণৰ প্ৰতি দায়বদ্ধতাক আলোকপাত কৰি বহুকেইটা কাৰ্যসূচী হাতত লৈ দুদিনীয়া অসম ভ্ৰমণেৰে উপস্থিত হোৱা দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ নিৰ্ধাৰিত মূল কাম-কাজৰ ভিতৰত শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আধাৰশিলা স্থাপন আৰু অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ কৰা ৫.৫ লাখ ঘৰৰ গৃহপ্ৰৱেশ অনুষ্ঠান। এই পদক্ষেপসমূহে স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি উন্নত কৰা আৰু অভাৱগ্ৰস্ত লোকসকলৰ বাবে গৃহ প্ৰদানৰ ওপৰত চৰকাৰৰ মনোনিৱেশক প্ৰতিফলিত কৰে।

অসমীয়াৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ বীৰত্ব অসমীয়া জনসাধাৰণৰ বাবে অপৰিসীম গৌৰৱৰ উৎস। এই প্ৰতিমূৰ্তিয়ে তেওঁৰ স্মৃতি চিৰযুগমীয়া কৰি তুলিব।

You might also like
Leave A Reply

Your email address will not be published.