একাপ চাহ আৰু ইয়াৰ উপকাৰিতা!

জানো আহক ইয়াৰ সবিশেষ

মাৰ দৈনন্দিন দীঘলীয়া কামৰ ক্লান্তি দূৰ কৰিবৰ বাবে একাপ চাহৰ প্রয়োজন অনুভৱ কৰা যায়। সকলোৱে ধাৰণা কৰে যে একাপ চাহে মনটোক প্রফুল্লিত কৰাৰ লগতে শৰীৰটো সুস্থ অৱস্থাত ৰাখে। চাহে বিভিন্ন ধৰণৰ স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে কিয়নো ইয়াত এণ্টিঅক্সিডেণ্ট আৰু যৌগ থাকে যিয়ে শৰীৰৰ প্ৰদাহ হ্ৰাস কৰাত সহায় কৰিব পাৰে।

শুনি আচৰিত যেন লাগিলেও এটা আপেলতকৈ চাহত বেছি পৰিমাণে এন্টি অক্সিডেন্ট থাকে। চাহে দেহৰ কিছুমান অংগত হোৱাৰ টিউমাৰ বা কেন্সাৰ ৰোধ কৰিব পাৰে। বহুতো গৱেষণা আৰু অধ্যয়নৰ অন্তত বিজ্ঞানসন্মতভাৱে নিশ্চিত হৈ পৰিছে যে চাহপাতত থকা ৰাসায়নিক পদার্থই হৃদপিণ্ড আৰু ৰক্তপ্রবাহী নলীৰ ৰোগৰ প্ৰতিৰোধকৰ দৰে কাম কৰে।

এই বিষয়ে সবিশেষ জানো আহকঃ-

১) ইলাচি চাহ খোৱাৰ স্বাস্থ্য উপকাৰীতাঃ দৈনিক ইলাচি চাহ খালে হজম শক্তি বৃদ্ধি পায় লগতে ই ছালৰ বাবেও স্বাস্থ্যকৰ। ইয়াৰ বাহিৰেও ইলাচি চাহ পান কৰিলে ডিঙিৰ বিষৰ, চৰ্দি, ছালৰ ৰোগ আদিৰ পৰা উপশম পাব পাৰি। আচলতে ইলাচিৰ এন্টি-বেক্টেৰিয়েল গুণ আছে যিয়ে আপোনাক ডিঙিৰ বিষ আৰু চৰ্দিৰ পৰা মুক্তি দিবলৈ সহায় কৰিব পাৰে ।

২) চাহ খালে গাঠিৰ বিষ উপশম হয় কাৰণ সেউজীয়া চাহত থকা এন্টি অক্সাইডেন্টে(Antioxidant) ভিটামিন C তকৈ ১০০ গুণ বেছি আৰু ভিটামিন E তকৈ ২৫ গুণ বেছি কাম কৰে।শৰীৰৰ গাঁঠিত থকা বান্ধনীৰ(Cartilage)ৰ অসুখ কমাই ৰাখে। চাহে শৰীৰৰ হাড়বোৰ শক্তিশালী কৰি ৰাখে।

৩) পাচনতন্ত্ৰ শক্তিশালী হয়: পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ দৈনিক একাপ চাহ খাব লাগে । চাহ খালে গেছ, বদহজম আদি সমস্যা দূৰ হয় । আপোনাৰ পাচন নলী স্বাস্থ্যৱান ৰখাত, আৰু ই সঠিকভাৱে কাম কৰাটো নিশ্চিত কৰে একাপ চাহ। চাহে পাকস্থলীৰ আলচাৰ আৰু কলোৰেক্টল, খাদ্যনলী/পাকস্থলীৰ কৰ্কট ৰোগ হ্ৰাস কৰাত সহায় কৰিব পাৰে।

৪) চাহে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । চাহত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে আৰু ইয়াৰ ফলত ভাইৰাছ আৰু বেক্টেৰিয়াৰ সমস্যা দূৰ হ’ব পাৰে। ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়

৫) চাহত থকা এণ্টিঅক্সিডেণ্ট আৰু অন্যান্য ফাইটোনিউট্ৰিয়েণ্টে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে, আৰু আৰোগ্য প্ৰক্ৰিয়া আৰম্ভ কৰে। ই ছালৰ বাবে ভাল কিয়নো ই শৰীৰক ছালৰ সংক্ৰমণ আৰু দাগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ই বাৰ্ধক্য বিলম্বিত কৰাত সহায় কৰে আৰু ফুলা হ্ৰাস কৰে

৬) চাহ খালে দাঁতৰ গহ্বৰ, প্লেক আৰু দাঁতৰ ক্ষয়ৰ পৰা সুৰক্ষা দিয়াত সহায় কৰিব পাৰে। চাহ খালে দাঁতত থকা জীৱাণু ধ্বংস হয়। কাৰণ চাহত থকা এন্টিবেক্টেৰিয়েল আৰুু এন্টিঅক্সিডেন্ট গুণ থাকে যি ষ্টেফিলোকক্কাছ সংক্ৰমণ প্ৰতিহত কৰে।

You might also like
Leave A Reply

Your email address will not be published.