Assam| Assam-Meghalaya: শ্বিলঙৰ হিংসাৰ পিছত অসম-মেঘালয়ৰ শান্তি প্ৰচেষ্টা

Assam-Meghalaya:

ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ আগষ্টঃ শ্বিলঙত ১৯ আগষ্টত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত অসম আৰু মেঘালয়ৰ মাজত সৃষ্টি হোৱা উত্তেজনা কমোৱাৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে একেলগে কাম কৰাৰ সিদ্ধান্ত লৈছে। এই সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে কথা পাতে। দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰি পৰিস্থিতি শীঘ্ৰে স্বাভাৱিক কৰি তোলাৰ বাবে একেলগে কাম কৰাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে। শ্বিলঙৰ ঘটনাৰ পিছত দুয়োখন ৰাজ্যৰ সাধাৰণ লোক, চালক আৰু যাত্ৰীসকলে সন্মুখীন হোৱা সমস্যাৰ বিষয়টোও আলোচনাত স্থান পায়।

বিশেষকৈ অসমৰ পঞ্জীয়নভুক্ত বাহনক লক্ষ্য কৰি আক্ৰমণ কৰাৰ অভিযোগক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ উদ্বেগ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ আগত প্ৰকাশ কৰে। অসমৰ লোক আৰু বাহনৰ নিৰাপত্তা নিশ্চিত কৰাৰ লগতে পৰিস্থিতি যাতে অধিক উত্তপ্ত নহয়, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। দুয়োখন ৰাজ্যৰ মাজৰ আলোচনা আগুৱাই নিয়াৰ বাবে মনোনীত কেবিনেট মন্ত্ৰীসকল শীঘ্ৰে বৈঠকত মিলিত হ’ব। এই বৈঠকত শেহতীয়া পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে দুয়োখন ৰাজ্যৰ মাজত শান্তি, বিশ্বাস আৰু স্বাভাৱিক পৰিৱেশ ঘূৰাই অনাৰ উপায় বিচৰা হ’ব।

ইফালে, অসমৰ সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰাক মেঘালয়ৰ সংশ্লিষ্ট বিষয়াসকলৰ সৈতে যোগাযোগ ৰাখি বিষয়টো সমাধানৰ বাবে কাম কৰিবলৈ দায়িত্ব দিয়া হৈছে। দুয়োখন ৰাজ্যৰ মাজত শান্তি আৰু স্বাভাৱিক পৰিৱেশ ঘূৰাই অনাটো এতিয়া চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ লক্ষ্য হৈ পৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম আৰু মেঘালয়ৰ মাজত বহু পুৰণি ঐতিহাসিক, সাংস্কৃতিক আৰু সামাজিক সম্পৰ্ক আছে। দুয়োখন ৰাজ্যৰ লোকৰ মাজত থকা এই সম্পৰ্ক অটুট ৰখাৰ বাবে সকলো পক্ষই সংযম আৰু দায়িত্বশীলতা দেখুওৱা উচিত।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমায়ো দুয়োখন ৰাজ্যৰ লোকক শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছে। শেহতীয়া ঘটনাক কেন্দ্ৰ কৰি ভুল বুজাবুজি বা উত্তেজনা যাতে অধিক বৃদ্ধি নাপায়, তাৰ বাবে সকলোকে শান্ত হৈ থাকিবলৈ তেওঁ আহ্বান জনায়। উল্লেখযোগ্য যে ১৯ আগষ্টত খাছী ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচীক কেন্দ্ৰ কৰি শ্বিলঙৰ বিভিন্ন অঞ্চলত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল।

প্ৰতিবাদকাৰীৰ ভাঙচুৰ আৰু শিলাবৰ্ষণৰ লগতে কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হোৱাৰ ঘটনাই অসমতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। বিশেষকৈ অসমৰ পঞ্জীয়নভুক্ত বাহন আৰু যাত্ৰীসকলক লক্ষ্য কৰি আক্ৰমণৰ অভিযোগক লৈ বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। এই ঘটনাৰ পিছত পৰিস্থিতি অধিক অৱনতি ঘটিব নোৱাৰাকৈ দুয়োখন ৰাজ্যৰ চৰকাৰী পৰ্যায়ত আলোচনা আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী দুগৰাকীৰ পোনপটীয়া বাৰ্তালাপ আৰু কেবিনেট মন্ত্ৰী পৰ্যায়ত বৈঠকৰ সিদ্ধান্তক উত্তেজনা কমোৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। অসম আৰু মেঘালয়ৰ মাজৰ দীৰ্ঘদিনীয়া বন্ধুত্ব আৰু সদ্ভাৱ যাতে শেহতীয়া ঘটনাৰ বাবে ক্ষতিগ্ৰস্ত নহয়, তাৰ বাবে দুয়োখন চৰকাৰে সমন্বিতভাৱে কাম কৰাৰ ওপৰত গুৰুত্ব দিছে। এতিয়া কেবিনেট মন্ত্ৰীসকলৰ বৈঠকৰ পিছত পৰিস্থিতি কিমান সোনকালে স্বাভাৱিক হয়, সেয়া লক্ষণীয় হ’ব।

You might also like
Leave A Reply

Your email address will not be published.