পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক

কেৰালাৰ ৰেল ষ্টেচনত উদ্ধাৰ শোণিতপুৰৰ যুৱকৰ ফোন, বেগ

হিঃৰাজ্য কেৰেলাত সন্ধানহীন হৈছে শোণিতপুৰৰ বৰছলাৰ নিচলমাৰীৰ কাছেম আলি নামৰ এজন যুৱক৷ বিগত চাৰিদিন পূৰ্বে কেৰেলাৰ এখন ৰেল ষ্টেচনত কাছেম আলিৰ মবাইল ফোন আৰু এখন বেগ উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷অতি দৰিদ্ৰ পৰিয়ালৰ বৰছলাৰ নিচলামাৰী গাওঁৰ কাছেম আলি কেৰেলাত সন্ধানহীনৰ খৱৰে চিন্তাত পেলাই পৰিয়ালৰ লোকক৷ঘৰ খনৰ একমাত্ৰ উপাৰ্জনৰ উৎস কাছেম আলি কেৰেলাত এবছৰ পূৰ্বে শ্ৰমিক হিচাপে কাম কৰিবলৈ বুলি গৈছিল৷এবছৰ ঠিকেই আছিল কিন্তু যোৱা চাৰিদিন পূৰ্বে কাছেম আলি সন্ধানহীন হোৱা বুলি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷কোনো সদাশয় লোকে যদি এই জন নিৰুদিষ্ট যুৱকৰ সম্ভেদ লাভ কৰে তেনেহ’লে ৮৪০৩০০২৯৬৬আৰু ৮৭১৪১৩৮৫৮০ এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে৷

You might also like
Leave A Reply

Your email address will not be published.