যোৱা ৪৮ ঘণ্টাত গুজৰাট আৰু দক্ষিণ ৰাজস্থানত বৰষুণ সম্পৰ্কীয় ঘটনাত কমেও ১৭ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১১ জন নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে। মঙলবাৰে একেৰাহে তৃতীয় দিন চুবুৰীয়া ৰাজ্য দুখনত প্ৰচণ্ড বৰষুণৰ প্ৰভাৱ অব্যাহত আছে। উপকূলীয় ৰাজ্যখনত প্ৰচণ্ড বৰষুণ অব্যাহত থকাৰ সময়তে গুজৰাটৰ বিভিন্ন জিলাত ২৩ হাজাৰতকৈ অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ লগতে ৩০০ৰো অধিক লোকক উদ্ধাৰ কৰা হৈছে। বৰ্তমানলৈ ৰাজ্যখনত মৃত্যু হয় কমেও ১৫ জন লোকৰ।
ইফালে, গুজৰাট চৰকাৰে উদ্ধাৰ-কাৰ্য আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে । ইয়াৰ উপৰিও দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰচেষ্টাত সহায় কৰিবলৈ ইতিমধ্যে ১৪টা এনডিআৰএফ দল আৰু এছডিআৰএফৰ ২২টা দল নিয়োগ কৰা হৈছে।।