DIGITAL DESK: ভাষা হৈছে মানুহৰ মনৰ ভাৱ প্ৰকাশৰ একমাত্ৰ প্ৰণালী। মানুহে যি ভাষাতেই জীৱনৰ আদি পাঠ পঢ়ে বা যি ভাষাৰেই প্ৰথমে মনৰ ভাৱ প্ৰকাশ কৰে তাকে আমি মাতৃভাষা বুলি কওঁ। সময়ৰ সোঁতত ন ন সংমিশ্ৰণেৰে ভাষা এটাই ন ৰূপ লয় যদিও তাৰ ভেটি কেতিয়াও সলনি নহয়। ভাষা এটাৰ ব্যৱহাৰ যেতিয়ালৈকে পথিৱীৰ এজন মানুহেও যদি কৰি থাকে, তেতিয়ালৈকে সেই ভাষাটোৰ মৃত্যু কেতিয়াও নহয়।
আপুনি জানেনে, সংস্কৃত ভাষাক ভাৰতত ঈশ্বৰৰ মুখৰ ভাষা বুলি কোৱা হয়।ভাৰতৰ অতীতত সংস্কৃত ভাষাৰ প্ৰচলন বহুলভাৱে হৈছিল যদিবা এতিয়া ভাৰতত সংস্কৃত ভাষাৰ ব্যৱহাৰ সততে নহয়। কিন্তু আপুনি জানি আচৰিত হ’ব ভাৰতৰ এটি অঞ্চলত এতিয়াও প্ৰকাশিত হৈ আছে পৃথিৱীৰ একমাত্ৰ বাতৰিকাকতখন আৰু একেঠাইৰ পৰাই প্ৰকাশিত হৈ আছিল পৃথিৱীৰ একমাত্ৰ সংস্কৃত কেলেণ্ডাৰখন।
সংস্কৃত ভাষাটোৰ প্ৰচলন চলাই ৰাখাৰ প্ৰচেষ্টাৰেই কৰ্ণাটকৰ মহীশূৰ চহৰত ১৯৭০ চনত পণ্ডিত বৰাদৰাজ আয়েংগৰে পৃথিৱীৰ একমাত্ৰ সংস্কৃত বাতৰি কাকত ‘সুধৰ্মা’ৰ জন্ম দিছিল। তেওঁ সংস্কৃত ভাষাটোক ধ্বংসাৱশেষ হিচাপে নহয়, আধুনিক জগতখনৰ লগত এতিয়াও কথা ক’ব পৰা এক জীৱন্ত, গতিশীল কণ্ঠ হিচাপেহে দেখিছিল। পণ্ডিত বৰাদৰাজ আয়েংগৰে ১৯৬৩ চনত সেই অঞ্চলৰ ছোৱালীসকলক সংস্কৃত শিকোৱাৰ পৰাই এই পদক্ষেপ গ্ৰহণ কৰিছিল বুলি জনা যায়। পিছলৈ ল’ৰাকো সংস্কৃত শিকোৱাৰ পদক্ষেপ হাতত লৈছিল। কিন্তু ইয়াৰ মূল লক্ষ্য আছিল ছোৱালীসকলক সংস্কৃত শিক্ষণক উৎসাহিত কৰা।
১৯৯০ চনত পণ্ডিত বৰাদৰাজ আয়েংগৰৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ কে. সম্পথ কুমাৰ আয়েংগৰে সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি ’সুধৰ্মা’ক আগুৱাই নিয়ে। কে. সম্পথ কুমাৰ আয়েংগৰে ৰিপ’ৰ্টৰ পৰা আৰম্ভ কৰি ডিজাইনলৈকে ব্যৱসায়ৰ সকলো দিশ নিষ্ঠাৰে তদাৰক কৰাৰ বাবে পৰিচিত আছিল। ২০২০ চনত তেওঁ পত্নীৰ সৈতে পদ্মশ্ৰী বঁটা লাভ কৰিছিল। তেওঁৰ এই কামে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অভিনেতা অমিতাভ বচ্চনৰ দৰে ব্যক্তিত্বৰ পৰাও স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেতে বিশ্বৰ একমাত্ৰ সংস্কৃত কেলেণ্ডাৰো প্ৰকাশ কৰিছিল।
পণ্ডিত বৰাদৰাজ আয়েংগৰৰ সংস্কৃত ভাষাৰ প্ৰতি থকা ভালপোৱা আৰু ভাষাটোক জীয়াই ৰখাৰ যি হেঁপাহ আছিল তাৰ প্ৰতি শ্ৰদ্ধা জনাই কে. সম্পথ কুমাৰ আয়েংগৰৰ পাছত তেওঁৰ পত্নীয়ে এতিয়া ‘সুধৰ্মা’ক আগুৱাই নিয়াৰ দায়িত্ব গ্ৰহণ কৰিছে।