তেওঁৱে আছিল মণিৰাম দেৱান

অসমৰ প্ৰথমজন উদ্যোগপতি মনিৰাম দেৱানৰ বিষয়ে জানো আহক-

DIGITAL DESK: মণিৰাম দেৱান, অসম বুৰঞ্জীৰ এটা অতি পৰিচিত নাম। চিপাহী বিদ্ৰোহ অৰ্থাৎ ১৮৫৭ চনৰ বিদ্রোহত অসমৰ প্ৰথম শ্বহীদ আছিল মণিৰাম দেৱান। প্ৰথমজন অসমীয়া উদ্যোগী ব্যক্তি (entrepreneur) হ’ল মণিৰাম দেৱান। তেওঁ হ’ল এনে এজন ব্যক্তি যি প্ৰায় ডেৰশ বছৰ আগতেই উদ্যোগশীলতাৰ যোগেদি অসমক এক আধুনিক অৰ্থনীতিত পৰিণত কৰাৰ সপোন দেখিছিল। মণিৰাম দেৱান আছিল একেধাৰে এজন প্ৰকাশক, সাহিত্যিক, উদ্যোগপতি তথা বিপ্লৱী। আহোম ৰাজবিষয়াৰ পৰা ব্ৰিটিছৰ বিষয়া হোৱা শিক্ষিত মণিৰাম দেৱানেই অসমৰ প্ৰথমজন অসমীয়া ব্যক্তি হিচাপে চাহ খেতি আৰম্ভ কৰি অসমৰ প্ৰথম উদ্যোগপতি সকলৰ ভিতৰত এজন হিচাপে পৰিগণিত হৈছিল।

ণিৰাম দেৱানৰ প্ৰকৃত নাম আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা।ঐতিহাসিক শিৱসাগৰ জিলাৰ চাৰিঙত ১৮০৬ চনৰ ২৭ এপ্ৰিলত এটা কায়স্থ’ জাতৰ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱাই। স্বৰ্গদেৱ চুহুংমুং বা দিহিঙীয়া ৰজাৰ (১৪৯৭-১৫৩৯) দিনতেই মণিৰামৰ পূৰ্বপুৰুষ কনৌজৰ পৰা অসমলৈ আহিছিল।‌ আহোম ৰজা কমলেশ্বৰ সিংহৰ দোলাকাষৰীয়া বৰুৱা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল মণিৰামৰ পিতৃ মুক্তিয়াৰ ৰামদত্তই। মণিৰামৰ মাতৃ কৌশল্যা আছিল বাৰভূঞা বংশৰ জীয়ৰী।

এক সন্ধিক্ষণৰ মাজত জন্মগ্ৰহণ কৰা মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱাই শৈশৱৰ পৰা কৈশোৰত ভৰি দিয়াৰ সময়চোৱাতে মানে অসম আক্ৰমণ কৰিছিল। মানৰ অসম আক্ৰমণৰ সময়ত সেই সময়ৰ আহোম বিষয়া সকল বিভিন্ন প্ৰান্তত পলাই ফুৰিছিল। মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱাৰ দেউতাক ৰামদত্ত দোলাকাষৰীয়া বৰুৱাও নিজৰ প্ৰাণৰক্ষা কৰিবলৈ স্বৰ্গদেউ পুৰন্দৰ সিংহৰ লগত বেঙ্গলৰ চিলমাৰীত আশ্ৰয় লৈছিল। আৰু ঘৰুৱা শিক্ষকৰ তত্বাৱধানত মণিৰামৰ প্ৰাথমিক শিক্ষাৰ আৰম্ভণি হৈছিল। ভূগোল, বুৰঞ্জী, অৰ্থনীতি, ৰাজনীতি আদি প্ৰায় সকলো বিষয়তে নিজৰ মেধাৱী গুণৰ পৰিচয় দিছিল মণিৰামে। নিজৰ মেধাৱী গুণৰ লগতে মণিৰাম আছিল অতি চতুৰ, ৰাজনৈতিক আৰু প্ৰশাসনিক ক্ষেত্ৰত অতি দক্ষতা‌ থকা এজন ব্যক্তি।

গুৰুত্বপূৰ্ণ কথা যে অসমত চাহ গছৰ আৱিষ্কাৰৰ লগত জড়িত থকা এজন ব্যক্তি আছিল মণিৰাম দেৱান । অসমৰ চাহৰ আৱিষ্কাৰক বুলি কোৱা ৰবাৰ্ট ব্ৰুচক পৰোক্ষভাৱে চাহ গছ আৱিষ্কাৰ কৰাত সহায় কৰা ব্যক্তিজনেই আছিল মণিৰাম দেৱান।
১৮৩৯ চনত মাহিলী ৬০০ টকাৰ দৰমহাত ব্ৰিটিছে মণিৰাম দত্ত বৰুৱাক অসম চাহ কোম্পানীৰ দেৱানৰূপে নিযুক্তি প্ৰদান কৰিছিল। আৰু তেতিয়াৰপৰা তেখেত মণিৰাম দত্ত বৰুৱা ‘মণিৰাম দেৱান‘ নামেৰে জনাজাত হৈছিল।অসম চাহ কোম্পানীৰ দেৱানৰূপে নিযুক্ত হৈ মণিৰাম দেৱানে একাগ্ৰতাৰে নিজৰ দায়িত্ব পালন কৰিছিল। তেওঁৰ নেতৃত্বত চাহ কোম্পানীৰ উন্নতি সাধন হৈছিল। কিন্তু ১৮৪৪ চনত ব্ৰিটিছ সকলে অসম চাহ কোম্পানীত দ্বিতীয়জন দেৱান নিযুক্তি দি পদমৰ্য্যাদাৰ লগতে দৰমহাও দুশ (২০০) টকালৈ হ্ৰাস কৰিছিল। এই খামখেয়ালিৰ পৰিণতিতে ১৮৪৫ চনত মণিৰামে অসম চাহ কোম্পানীৰ দেৱান পদৰ পৰা পদত্যাগ কৰিছিল।

পৰৱৰ্তী সময়ত মণিৰাম দেৱানৰ সকলো বিচাৰ সম্পন্ন কৰিবলৈ ১৮৫৭ চনৰ শেষত কলিকতাৰ পৰা জাহাজেৰে যোৰহাটলৈ আনে। এই বিচাৰ কাৰ্য সম্পন্ন কৰিছিল শিৱসাগৰৰ প্ৰিন্সিপাল এচিচষ্টেণ্ট চাৰ্লছ হলৰয়ডে। বিচাৰ প্ৰক্ৰিয়া শেষ হোৱাৰ পাছত মণিৰাম দেৱানৰ লগতে‌ পিয়লি বৰুৱাকো ৰাজদ্ৰোহৰ অপৰাধত মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয়। যোৰহাট নগৰৰ মাজ-মজিয়াতে ৰাজহুৱাকৈ ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীৰ দিনা যোৰহাট নগৰৰ মাজ-মজিয়াতে ৰাজহুৱাকৈ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচী দিয়া হয়।

উচ্চাকাংক্ষা, বিচক্ষণতা, সাহস আৰু স্বাধীনতাৰ প্ৰতি থকা আস্থাৰ বাবেই এসময়ৰ অতি সমৃদ্ধিশালী ৫২ বছৰীয়া মণিৰামে দেৱানক মৃত্যুদণ্ডৰ বাতৰিয়েও বিচলিত কৰিব পৰা নাছিল। দেশ স্বাধীনৰ বাবে বিদ্ৰোহৰ অগ্নি জ্বলাই চিপাহী বিদ্রোহত অসমৰ প্ৰথম শ্বহীদ ৰূপে পৰিগণিত হৈছিল মণিৰাম দেৱান।

You might also like
Leave A Reply

Your email address will not be published.