বিহপুৰীয়াত “কৃষকৰ পদূলিত কৃষক পৰিষদ”

ব্যুৰ’ ৰিপ’ৰ্ট:

“কৃষকৰ পদূলিত কৃষক পৰিষদ” শীৰ্ষক এক কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদে । বিহপুৰীয়া সমষ্টি আৰু গহপুৰ সমষ্টি কৃষক পৰিষদৰ উদ্যোগত কেন্দ্ৰীয় সমিতিৰ সহযোগত লখিমপুৰ আৰু বিশ্বনাথ জিলাৰ সীমান্তৱৰ্তী বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত হাৱাজানস্থিত ভাটমৌ মিলিত সংঘ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় ।

সভাখনত সভাপতিত্ব কৰে অসম কৃষক পৰিষদৰ কাৰ্যকৰী সভাপতি খুদেশ্বৰ পেগুৱে ৷ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ফুলেন চন্দ্ৰ দাসে আঁতধৰা ৰাজহুৱা সভাখনি শুভ উদ্বোধন কৰে অসম অনুসূচিত জাতি উন্নয়ন নিগমৰ উপাধ্যক্ষ লক্ষীধৰ শেনচোৱাই ৷ আদৰণি ভাষণ প্ৰদান কৰে বিহপুৰীয়া সমষ্টিৰ অগপ জ্যেষ্ঠ নেতা তথা অৱসৰপ্ৰাপ্ত অধ্যাপক মাখন তামুলীয়ে ৷ ইয়াৰ পাছতে অসম গণ পৰিষদ চৰকাৰৰ কাৰ্যকালত লোৱা জনহিতকৰ আঁচনি বিষয়ে অৱগত কৰে ৷ কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৰেশ চন্দ্ৰ বৈশ্যই আজি এই গুৰুত্বপূৰ্ণ সভাখনত “কৃষকৰ পদূলিত কৃষক” কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ ৰাজ্যখনৰ ৪০ টা সমষ্টিৰ প্ৰতিটো সমষ্টিত ৫০ হাজাৰকৈ কৃষকৰ পৰিস্থিতি বুজ লৈ কৃষক পেঞ্চনৰ বাবে চৰকাৰক হেচা প্ৰয়োগ কৰা কথা সদৰি কৰে ৷

You might also like
Leave A Reply

Your email address will not be published.