গোৰেশ্বৰত প্ৰহসনত পৰিণত জল জীৱন মিছন। বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত গাওঁবাসী। গোৰেশ্বৰৰ লোক্ৰা বৰনগৰত প্ৰহসনত পৰিণত জল জীৱন মিছন। লোক্ৰা বৰনগৰত ন’ল আছে কিন্ত পানী নাই। প্ৰকল্প স্থাপনৰ এবছৰ পাছতো এটুপি বিশুদ্ধ খোৱা পানী পোৱা নাই গ্ৰাম্যাঞ্চলৰ ৰাইজে। আইৰণ যুক্ত, অপৰিস্কাৰ লেতেৰা পানী খাই ৰোগাক্ৰান্ত হৈছে গ্ৰাম্যাঞ্চলৰ ৰাইজ। এবছৰে বিকল জল জীৱন মিছনৰ প্ৰকল্প। ঠিকাদাৰৰ গাফিলতি আৰু বিভাগৰ গুৰুত্বহীনতাত এতিয়া ধোঁৱা চাঙত জলজীৱন মিছনৰ প্ৰকল্প। চৰকাৰক অতি শীঘ্ৰে প্ৰকল্পটো কাৰ্যক্ষম কৰাৰ দাবী স্থানীয় ৰাইজৰ।