আত্মহত্যাৰ কেন্দ্ৰবিন্দু কোটা

  • আত্মহত্যাৰ কেন্দ্ৰবিন্দু কোটা
  • শীঘ্ৰেই নতুন আইন
    আত্মহত্যাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰাজস্থানৰ কোটা চহৰ । দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা ছাত্ৰ-ছাত্ৰীৰে ভৰি পৰে কোটা । মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ কোছিঙৰ বাবে অসংখ্য ছাত্ৰ-ছাত্ৰীয়ে ভিৰ কৰে কোটাত । কোছিঙৰ হাব হৈ পৰা কোটাত এতিয়া এক ভয়ংকৰ সমস্যাই গা কৰি উঠিছে । কোটাত ভয়াৱহ হাৰত বৃদ্ধি পাইছে ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ ঘটনা । উদ্বেগজনকভাৱে বৃদ্ধি পোৱা আত্মহত্যাৰ ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে । কোটাৰ লগতে চিকৰ চহৰতো একেই পৰিস্থিতিয়ে দেখা দিছে । বিষয়টোৰ গুৰুত্বতা বুজি ৰাজস্থান উচ্চ ন্যায়ালয়ে অলপতে এক শুনানি গ্ৰহণ কৰি সমস্যা সমাধানৰ বাবে ৰাজস্থান চৰকাৰৰ পৰা উত্তৰ বিচাৰে । ৰাজস্থান চৰকাৰে বিষয়টোৰ গুৰুত্বতা বুজি উচ্চ ন্যায়ালয়ক অৱগত কৰিছে যে অচিৰেই কোটাত থকা কোছিং চেন্টাৰসমূহৰ বাবে নতুন আইন অনা হ’ব । অহা ৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া ৰাজস্থান বিধানসভাৰ অধিৱেশনৰ সময়তে এই সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব । এই আইনৰ অধীনত সকলো কোছিং চেন্টাৰক কঠোৰভাৱে নিয়ন্ত্ৰণ কৰা হ’ব। অতি চিন্তনীয় বিষয় এয়ে যে এই বছৰৰ জানুৱাৰী মাহত এতিয়ালৈকে ৬ গৰাকী শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছে । ইয়াৰ ভিতৰত আছে এগৰাকী অসমৰ ছাত্ৰীও । ২০২৩ চনত ২৯ গৰাকী আৰু ২০২৪ চনত ১৫ গৰাকী কোটাত কোছিং কৰি থকা ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰিছিল।মানসিক চাপৰ বাবেই বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা ।
You might also like
Leave A Reply

Your email address will not be published.