আজি অলিম্পিকৰ বক্সিং ৰিঙত নামিব লাভলীনা বৰগোঁহাই

আজি পেৰিছ অলিম্পিকৰ পঞ্চমটো দিন

জি অলিম্পিকৰ বক্সিং ৰিঙত নামিব লাভলীনা বৰগোঁহাই। আজি বিয়লি ৩.৫০ বজাত অনুষ্ঠিত হ’ব খেলখন। ৭৫ কেজি শাখাত আজি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লাভলীনাই। নৰৱেৰ চুনীভা হফষ্টাড প্ৰি-কোৱাৰ্টাৰত লাভলীনাৰ প্ৰথম প্ৰতিদ্বন্দ্বী।

চলিত পেৰিছ অলিম্পিকত মনু ভাকৰে এতিয়ালৈকে দুটা পদক জয় কৰি ভাৰতীয় দলৰ অভিযানত তাৰকা হিচাপে আত্মপ্ৰকাশ কৰিছে । বুধবাৰে পেৰিছ অলিম্পিকৰ পঞ্চমদিনা ভাৰতৰ হৈ অৱশ্যে কোনো পদকৰ যুঁজ নহ’ব । কিন্তু তাৰকা শ্বাটলাৰ পি ভি সিন্ধু আৰু তাৰকা আৰ্ছাৰ দীপিকা কুমাৰীয়ে তেওঁলোকৰ নিজ নিজ ইভেণ্টত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । লগতে লক্ষ্য সেনৰ বাবে এই দিনটো গুৰুত্বপূৰ্ণ হ’ব । কিয়নো তেওঁ ইণ্ডোনেছিয়াৰ জোনাথান ক্ৰিষ্টিৰ মুখামুখি হ’ব আৰু বিজয়ীগৰাকী নকআউট পৰ্যায়লৈ উন্নীত হ’ব ।
পেৰিছ অলিম্পিকৰ পঞ্চমদিনা ভাৰতৰ সম্পূৰ্ণ সময়সূচী—

শ্বুটিং

ঐশ্বৰ্য তোমৰ আৰু স্বপ্নিল কুছালেয়ে ৫০ মিটাৰ ৰাইফল ৩ পজিচনত পুৰুষৰ অৰ্হতা অৰ্জনত তেওঁলোকৰ অভিযান আৰম্ভ কৰিব । বৃহস্পতিবাৰে এই ইভেণ্টৰ ফাইনেল খেল অনুষ্ঠিত হ’ব । এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী ঐশ্বৰ্য এই প্ৰতিযোগিতাত বিশ্বৰ ২৩ সংখ্যক স্থানত আছে আৰু বিশ্বকাপত তেওঁৰ নামত ৩ টা সোণৰ পদক আছে । তেওঁ টকিঅ’তো প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও এই ইভেণ্টত 21 সংখ্যক স্থান লাভ কৰিছিল । বিশ্বৰ ৬২ ৰেংকৰ খেলুৱৈ স্বপ্নিলে অলিম্পিকত আত্মপ্ৰকাশ কৰিব আৰু এই বিশ্বজনীন প্ৰতিযোগিতৰ পৰা তেওঁৰ প্ৰথম উপস্থিতিৰ জৰিয়তে অভিজ্ঞতা অৰ্জন কৰিব বিচাৰিব ।
50 মিটাৰ ৰাইফল 3 পজিচন পুৰুষৰ অৰ্হতা ৰাউণ্ড (ঐশ্বৰ্য তোমৰ আৰু স্বপ্নিল কুছালে) : ভাৰতীয় সময়মতে দুপৰীয়া 12.30 বজাত।

বেডমিণ্টন

পেৰিছত একেৰাহে তৃতীয়বাৰ অলিম্পিক পদক জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হোৱা বেডমিণ্টন তাৰকা পি ভি সিন্ধুৱে এষ্টোনিয়াৰ ক্ৰিষ্টিন কুবাৰ মুখামুখি হ’ব । ভাৰতীয় শ্বাটলাৰগৰাকীয়ে সহজতে জয়লাভ কৰিব বুলি আশা কৰা হৈছে । কিয়নো তেওঁ অলিম্পিকৰ দৰে ইভেণ্টত সুন্দৰ প্ৰদৰ্শন কৰাৰ বাবে জনাজাত । বুধবাৰে লক্ষ্য সেনৰ বাবেও নকআউট খেল অনুষ্ঠিত হ’ব । কিয়নো তেওঁলোক দুয়োৰে মাজত যিয়ে জিকিব তেৱেঁই নকআউটলৈ আগবাঢ়িব । ইণ্ডোনেছিয়ান খেলুৱৈগৰাকী অৱশ্যে ৰেকৰ্ডত লক্ষ্যতকৈ আধিপত্য বিস্তাৰ কৰি আছে । কিন্তু ভাৰতীয় শ্বাটলাৰগৰাকীয়ে বুধবাৰৰ মেচখনত তেওঁক পৰাস্ত কৰিব লাগিব । আনহাতে, এইচ এছ প্ৰণয়ে গ্ৰুপ পৰ্যায়ৰ এখন মেচত ভিয়েটনামৰ ডিউক ফাট লেৰ মুখামুখি হ’ব আৰু নিজৰ জয়ৰ ধাৰা অব্যাহত ৰাখিব বিচাৰিব ।

মহিলা একক গ্ৰুপ পৰ্যায় – (পি ভি সিন্ধু) – ভাৰতীয় সময় অনুসৰি দুপৰীয়া 12.50 বজাত
পুৰুষৰ একক গ্ৰুপ পৰ্যায় – (লক্ষ্য সেন) – ভাৰতীয় সময় অনুসৰি দুপৰীয়া 1.40 বজাত
পুৰুষৰ একক গ্ৰুপ পৰ্যায় – (এইচ এছ প্ৰণয়) – ভাৰতীয় সময় অনুসৰি নিশা 11 বজাত

টেবুল টেনিছ

ভাৰতীয় টেবুল টেনিছত ক্ৰমান্বয়ে আগবাঢ়ি গৈ থকা শ্ৰীজা আকুলাই ৰাউণ্ড অব ৩২-ত ছিংগাপুৰৰ জেং জিয়ানৰ মুখামুখি হ’ব । আকুলাই শেহতীয়াকৈ নিজ দেশৰে মণিকা বাত্ৰাক অতিক্ৰম কৰি ভাৰতৰ শীৰ্ষস্থানৰ খেলুৱৈ হিচাপে পৰিগণিত হৈছে আৰু প্ৰাক-কোৱাৰ্টাৰ ফাইনেললৈ অগ্ৰসৰ হ’বলৈ মেচখনত জয়ী হোৱাটো বিচাৰিব ।

মহিলাৰ একক ৰাউণ্ড অব 32 – (শ্ৰীজা আকুলা) – দুপৰীয়া 1.30 বজা

পদকৰ অন্যতম প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত লাভলীনা বৰগোঁহায়ে বিগত টকিঅ’ অলিম্পিকৰ তেওঁৰ কৃতিত্বৰ পুনৰাবৃত্তি কৰিবলৈ আৰু পোডিয়াম ফিনিশ্ব অৰ্জন কৰাৰ লক্ষ্যৰে ৰিঙত নামিব । লাভলীনাই নৰৱেৰ চুন্নীভা হফষ্টাডৰ বিৰুদ্ধে খেলিব আৰু কোৱাৰ্টাৰ ফাইনেললৈ আগবাঢ়িবলৈ তথা পোডিয়াম ফিনিশ্বৰ দিশে অগ্ৰসৰ হোৱাৰ লক্ষ্য ৰাখিব । আনহাতে, ভাৰতীয় বক্সাৰ নিশান্ত দেৱে ইকুৱেডৰৰ জোছ ৰড্ৰিগেজৰ মুখামুখি হ’ব ।

মহিলাৰ 75 কিলোগ্ৰাম ৰাউণ্ড অব 16 – (লাভলীনা বৰগোঁহাই) – ভাৰতীয় সময়মতে আবেলি 3.50 বজাত
পুৰুষৰ 71 কিলোগ্ৰাম ৰাউণ্ড অব 16 – (নিশান্ত দেৱ) – ভাৰতীয় সময় মতে 12.18 বজাত

আৰ্ছাৰী

এগৰাকী শ্ৰেষ্ঠ ভাৰতীয় ধনুৰ্ধৰ দীপিকা কুমাৰীয়ে এষ্টোনিয়াৰ ৰীণা পাৰ্নাটৰ বিৰুদ্ধে ব্যক্তিগত ইভেণ্টত তেওঁৰ অভিযান আৰম্ভ কৰিব । তৰুণদীপে তেওঁৰ ৰাউণ্ড অব ৩২-ৰ বাউটত গ্ৰেট ব্ৰিটেইনৰ টম হলৰ মুখামুখি হ’ব ।
মহিলাৰ ব্যক্তিগত ৰাউণ্ড অব 32 এলিমিনেচন ৰাউণ্ড – (দীপিকা কুমাৰী) – ভাৰতীয় সময় অনুসৰি আবেলি 3.56 বজাত
পুৰুষৰ ব্যক্তিগত ৰাউণ্ড অব 32 এলিমিনেচন ৰাউণ্ড – (তৰুণদীপ ৰায়) – ভাৰতীয় সময় অনুসৰি নিশা 9.28 বজাত

You might also like
Leave A Reply

Your email address will not be published.