ভাৰত-ফ্ৰান্সৰ মাজত দ্বিপাক্ষিক সহযোগিতা!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ মাজত গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক আলোচনা

নেচনেল ডেস্ক:

ভাৰতৰ ৭৫ সংখ্যক গণৰাজ্য দিৱসত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ বাবে ২৫ জানুৱাৰী বৃহস্পতিবাৰে ভাৰতত উপস্থিত হয় ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন। ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰাৰা পূৰ্বে বৃহস্পতিবাৰে জয়পুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ মাজত অনুস্থিত হয় এখন গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক আলোচনা। আলোচনাৰ সময়ত ভাৰত আৰু ফ্ৰান্সে প্ৰতিৰক্ষা উৎপাদনৰ ৰ’ডমেপ গ্ৰহণ কৰা বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় সূত্ৰে প্ৰকাশ। আলোচনাত গুৰুত্বপূৰ্ণ সামৰিক হাৰ্ডৱেৰৰ সহ-বিকাশ আৰু সহযোগী উৎপাদনৰ ব্যৱস্থা কৰাৰ লগতে প্ৰযুক্তিৰ সহযোগিতাৰ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে দুই দেশে। মহাকাশ, স্থল যুদ্ধ, চাইবাৰ মহাকাশ আৰু কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি বিজ্ঞান আৰু প্ৰযুক্তি, স্বাস্থ্যসেৱা, শিক্ষা, গৱেষণা আৰু বহুতো বিষয়ত সহযোগিতা কৰাৰ ক্ষেত্ৰতো সহমতত উপনীত হয় দুয়ো দেশে।

ভাৰত আৰু ফ্ৰান্সৰ মাজত প্ৰতিৰক্ষা সহযোগিতাৰ লক্ষ্য হৈছে প্ৰতিৰক্ষা ঔদ্যোগিক খণ্ডত অংশীদাৰিত্বৰ সুযোগ চিনাক্ত কৰি সহ-ডিজাইনিং, সহ-উন্নয়ন, সহ-উৎপাদন আৰু যোগান শৃংখল নিৰ্মাণক অগ্ৰাধিকাৰ দিয়া। লগতে দুয়োপক্ষই প্ৰযুক্তি বিজ্ঞান, স্বাস্থ্যসেৱা সহযোগিতা, শিক্ষা, প্ৰশিক্ষণ আৰু গৱেষণা বিভাগৰ মাজত স্বাক্ষৰিত হয় কেইবাখনো চুক্তি।।

You might also like
Leave A Reply

Your email address will not be published.