আজি ২৬ জানুৱাৰী

➡️গণতন্ত্ৰ দিৱস। অস্ট্রেলিয়া দিৱস। আন্তর্জাতিক সীমা শুল্ক দিৱস।
➡️১৫৫৬ চিৰিৰ পৰা পিছলি মোগল সম্রাট হুমায়ুনৰ মৃত্যু।
➡️১৮০২ ফৰাচী সাহিত্যিক ভিক্টৰ হুগোৰ জন্ম। ১৮২৩ ইংৰাজ চিকিৎসক, বসন্ত ৰোগৰ প্ৰতিষেধক ছিটাৰ আৱিষ্কাৰক এডৱাৰ্ড জেনাৰৰ মৃত্যু।
➡️১৯৩০ ভাৰতত প্ৰথমবাৰৰ বাবে স্বৰাজ দিৱস পালন।
➡️১৯৪৮ গুৱাহাটী বিশ্ববিদ্যালয় প্রতিষ্ঠা।
➡️১৯৫০ ১৯৩৭ চনত গঠন কৰা ফেডাৰেল ক’ৰ্ট অব্ ইণ্ডিয়াৰ নাম আৰু পৰিসৰ সলনি, নতুন নাম ছুপ্রিম কর্ট অব ইণ্ডিয়া; অসমীয়াত ‘ভাৰতৰ উচ্চতম ন্যায়ালয়’।
➡️ভাৰতৰ সংবিধান গৃহীত। ভাৰতৰ এখন সার্বভৌম গণতান্ত্রিক ৰাষ্ট্ৰ ৰূপে প্রতিষ্ঠা লাভ।
➡️অশোক স্তম্ভক ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীক ৰূপে গ্রহণ কৰা হয়।
➡️ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ৰূপে কাৰ্যভাৰ গ্ৰহণ। ১৯৬২ চনৰ ১৩ মেলৈকে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৭২ নতুন দিল্লীৰ ইণ্ডিয়া গেটত ৰাষ্ট্ৰীয় স্মাৰক ‘অমৰ জোৱান’ স্থাপিত।
➡️২০০০ গহপুৰক শোণিতপুৰ জিলাৰ এটা মহকুমা ৰূপে ঘোষণা।
➡️২০০১ গুজৰাটত প্রবল ভূমিকম্প, প্রায় পঁচিছ হাজাৰ লোকৰ মৃত্যু, এক লাখ লোক গৃহহীন।
➡️২০০৬ অসমৰ ১৪ বছৰীয়া ৰাতুল চন্দ্ৰ ৰাভা আৰু ১৫ বছৰীয়া ঋতুপর্ণ বড়োক ৰাষ্ট্ৰীয় সাহসিকতা বঁটা প্রদান।

You might also like
Leave A Reply

Your email address will not be published.