আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস

প্ৰতি বছৰে ২৫ জানুৱাৰীত সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় ভোটাৰ দিৱস

নেচনেল ডেস্ক:

জি চতুৰ্দশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। ২০১১ চনৰ পৰা প্ৰতি বছৰে ২৫ জানুৱাৰীত সমগ্ৰ ভাৰতবৰ্ষতে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। উল্লেখ্য যে, ১৯৫০ চনৰ ২৫ জানুৱাৰীত প্ৰতিষ্ঠা কৰা হৈছিল ভাৰতৰ নিৰ্বাচন আয়োগ ৷

ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে নাগৰিকসকলৰ মাজত নিৰ্বাচনী সজাগতা সৃষ্টি আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা। দেশৰ ভোটাৰৰ বাবে উৎসৰ্গিত এই ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত বিশেষকৈ নতুনকৈ যুৱ ভোটাৰৰ নামভৰ্তিৰ সুবিধাও কৰা হয়। লগতে, তেওঁলোকক ইলেক্টৰ ফটো আইডেন্টিটি কাৰ্ড (ইপিআইচি) প্ৰদান কৰা হয়।

ভাৰতীয় নিৰ্বাচন আয়োগে নতুন দিল্লীত এক ৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন কৰিছে, য’ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় আইন আৰু ন্যায় ৰাজ্যিক মন্ত্ৰী অৰুণ ৰাম মেঘৱাল। এই অনুষ্ঠানত মালদ্বীপ, ফিলিপাইনছ, ৰাছিয়া, শ্ৰীলংকা আৰু উজবেকিস্তানৰ নিৰ্বাচন ব্যৱস্থাপনা সংস্থাসমূহৰ মুৰব্বী আৰু প্ৰতিনিধিও অংশগ্ৰহণ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.