আজি ২৫ জানুৱাৰী

➡️ৰাষ্ট্ৰীয় পর্যটন দিৱস।
➡️হিমাচল প্রদেশ দিৱস।
➡️১৬২৭ বিজ্ঞানী ৰবাৰ্ট বয়লৰ জন্ম।
➡️১৮২৪ বংগৰ প্ৰসিদ্ধ কবি মধুসূদন দত্তৰ জন্ম। ১৮৮৩ চনত খ্রীষ্টান ধর্ম গ্রহণ কৰি তেওঁ মাইকেল মধুসূদন দত্ত নাম লয়।
➡️১৮৭৪ কুৰি শতিকাৰ জনপ্রিয় লেখক, নাট্যকাৰ আৰু ঔপন্যাসিক ছমাৰছেট মমৰ জন্ম। ‘দা মুন এণ্ড ছিক্স পেন্স’, ‘হিউমেন ব’ণ্ডেজ’ আদি তেওঁৰ প্ৰসিদ্ধ ৰচনা।
➡️১৯২৬ সংগীতজ্ঞ দিলীপ শৰ্মাৰ জন্ম।
➡️১৯৭১ হিমাচল প্ৰদেশৰ পূৰ্ণৰাজ্যৰ মৰ্যাদা লাভ।
➡️১৯৭৫ শ্বেখ মুজিবুৰ ৰহমান বাংলাদেশৰ ৰাষ্ট্ৰপতি।

➡️১৯৮০ ভাৰত চৰকাৰৰ অসামৰিক সন্মান ভাৰতৰত্ন আৰু পদ্ম সন্মান পুনৰ প্ৰৱৰ্তন। ১৯৭৭ চনৰ ৮ আগষ্টৰ পৰা এই সন্মান প্রদান বন্ধ ৰখা হৈছিল।
➡️১৯৯৮ কণ্ঠশিল্পী দীপালী বৰঠাকুৰলৈ পদ্মশ্রী সন্মান।

➡️২০০৫ অসমত মুঠ ৩০ লাখ বাংলাদেশী আছে বুলি ৰাজ্যপাল অজয় সিঙৰ ঘোষণা।
➡️মহাৰাষ্ট্ৰৰ ছাতাৰা জিলাৰ মন্দ্ৰাদেৱী মন্দিৰত বার্ষিক পূজা উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত পদপিষ্ট হৈ ৩৭০জন লোকৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.