গুৱাহাটী: NEET-UG পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত আজি কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIয়ে দাখিল কৰিলে প্ৰায় ২০ হাজাৰ পৃষ্ঠাৰ দীঘলীয়া অভিযোগনামা। এই অভিযোগনামাত মুঠ ১৩ গৰাকী অভিযুক্তৰ নাম সন্নিৱিষ্ট কৰা হৈছে। তদন্তৰ সময়ছোৱাত পোহৰলৈ অহা কেতবোৰ চাঞ্চল্যকৰ তথ্যও অভিযোগনামাত উল্লেখ কৰা হৈছে।
CBIৰ তদন্ত অনুসৰি, NEET-UG পৰীক্ষাৰ প্ৰশ্ন আৰু উত্তৰ প্ৰস্তুতৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ ঘটনাৰ স্থান হিচাপে মহাৰাষ্ট্ৰৰ লাটুৰৰ সিদ্ধিবিনায়ক হাস্পতালৰ এটা বিশেষ কোঠাৰ কথা পোহৰলৈ আহিছে।
তদন্তকাৰী সংস্থাক দিয়া বক্তব্য অনুসৰি, লাটুৰৰ ৰেণুকাই কেৰিয়াৰ কোচিং ইনষ্টিটিউটৰ সঞ্চালক শিৱৰাজ ৰঘুনাথ মোটেগাৱকৰৰ ১৮ বছৰীয়া পুত্ৰক পৰীক্ষাৰ পূৰ্বে ‘স্পেচিয়েল কেমেষ্ট্ৰি ক্লাছ’ৰ বাবে সিদ্ধিবিনায়ক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল।
CBIৰ অভিযোগনামাত দাবী কৰা হৈছে যে, হাস্পতালখনৰ বিশেষ কোঠাত *NTAৰ বিশেষজ্ঞ হিচাপে উল্লেখ কৰা প্ৰহ্লাদ বিথলৰাও কুলকাৰ্ণীয়ে ১৩২টা প্ৰশ্ন আৰু সেইবোৰৰ উত্তৰৰ শ্ৰুতলিপি দিছিল। এই ঘটনাক লৈ তদন্তকাৰী সংস্থাটোৱে বিস্তৃত অনুসন্ধান চলায়।
৩৬০ লোকৰ সাক্ষ্য গ্ৰহণ
গোচৰটোৰ তদন্তৰ সময়ছোৱাত CBIয়ে মুঠ ৩৬০ গৰাকী লোকৰ সাক্ষ্য গ্ৰহণ কৰে। ইয়াৰ পাছত ১৩ গৰাকীক মূল অভিযুক্ত হিচাপে চিনাক্ত কৰা হৈছে বুলি অভিযোগনামাত উল্লেখ কৰা হৈছে।
তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, ছাত্ৰজনৰ পিতৃয়ে ১৫ এপ্ৰিলত সিদ্ধিবিনায়ক হাস্পতাললৈ যোৱাৰ নিৰ্দেশ দিছিল। ইয়াৰ পাছত যুৱকজনে ১৮, ১৯ আৰু ২২ এপ্ৰিলত হাস্পতালখনলৈ যোৱা বুলি CBIৰ তদন্তত উল্লেখ কৰা হৈছে। ২০ এপ্ৰিলৰ দিনাও ছাত্ৰজন হাস্পতালত উপস্থিত হৈছিল যদিও উক্তদিনা কুলকাৰ্ণী হাস্পতালত নাছিল। সেয়ে সেইদিনা উভতি আহিছিল ছাত্ৰজন।
১৩ অভিযুক্তৰ নাম
CBIয়ে দাখিল কৰা অভিযোগনামাত মূল অভিযুক্তসকলৰ ভিতৰত *মনীষা গুৰুনাথ মান্ধাৰে, মনীষা সঞ্জয় হাৱালদাৰ আৰু প্ৰহ্লাদ বিথলৰাও কুলকাৰ্ণী* আদিৰ নাম উল্লেখ কৰা হৈছে।
NEET-UG পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ দেশজুৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে CBIৰ এই অভিযোগনামাই গোচৰটোক নতুন মাত্ৰা প্ৰদান কৰিছে। তদন্তকাৰী সংস্থাটোৱে সংগ্ৰহ কৰা তথ্য-প্ৰমাণ আৰু সাক্ষ্যৰ ভিত্তিতেই এই অভিযোগনামা আদালতত দাখিল কৰা হৈছে।