গুৱাহাটী, ১১ আগষ্টঃ অসমৰ বান পৰিস্থিতিৰ মাজতে বানাক্ৰান্ত লোকসকলক সহায় কৰাৰ নামত ধন সংগ্ৰহ কৰা ইউটিউবাৰসকলৰ ওপৰত নজৰ ৰাখিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সদৰি কৰে এই কথা। ড০ শৰ্মাই প্ৰকাশ কৰা অনুসৰি বৰ্তমানলৈকে ৭২ গৰাকী ইউটিউবাৰে অসমৰ বান সাহায্যৰ নামত ধন সংগ্ৰহ কৰিছে।
মুখ্যমন্ত্ৰীয়ে কয় যে, ইউটিউবাৰসকলে সংগ্ৰহ কৰা ধন প্ৰকৃততে বানাক্ৰান্ত লোকসকলে লাভ কৰিছেনে নাই সেই বিষয়টোও চৰকাৰে পৰ্যবেক্ষণ কৰিব। ধন সংগ্ৰহৰ নামত কোনো ধৰণৰ অনিয়ম সংঘটিত হৈছে নেকি, তাৰ প্ৰতিও নজৰ ৰখা হৈছে।
ইফালে, দুৰ্যোগৰ সময়ত আগবাঢ়ি আহি বানাক্ৰান্ত লোকসকলক সহায় কৰা ইউটিউবাৰসকলক চৰকাৰে সন্মান জনাব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। সহায়ৰ কামত সক্ৰিয়ভাৱে জড়িত ইউটিউবাৰসকলক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰশংসা পত্ৰ প্ৰদান কৰাৰ লগতে গামোচাৰে সন্মানিত কৰা হ’ব বুলিও সদৰি কৰে।
বান সাহায্যৰ ক্ষেত্ৰত অসমৰ জনপ্ৰিয় ইউটিউবাৰ সময় গগৈৰ কামকো মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰশংসা কৰে। ইতিমধ্যে বহু ইউটিউবাৰে বানাক্ৰান্ত এলেকাত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ-সহায়মূলক কাম আৰম্ভ কৰিছে।
আনহাতে, বান সাহায্যৰ নামত ধন সংগ্ৰহ কৰা বিভিন্ন একাউণ্টৰ ওপৰতো অসম আৰক্ষীয়ে নজৰ ৰাখিছে। সংগ্ৰহ কৰা ধনৰ ব্যৱহাৰ আৰু সেই ধন প্ৰকৃত হিতাধিকাৰীৰ ওচৰলৈ গৈছে নে নাই, সেই বিষয়টো গুৰুত্বসহকাৰে পৰ্যবেক্ষণ কৰা হৈছে। উল্লেখ্য যে অসমৰ দুৰ্যোগৰ সুবিধা লৈ কোনেও যাতে বান সাহায্যৰ নামত ধন সংগ্ৰহ কৰি লুণ্ঠন কৰিব নোৱাৰে তাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।