গৰাখহনীয়া-বানৰ কবলত ওৰাং ৰাষ্ট্ৰীয় উদ্যান

বানৰ তলত ৬০-৭০ শতাংশ ওৰাং ৰাষ্ট্ৰীয় উদ্যান

গৰাখহনীয়া-বানৰ কবলত ওৰাং ৰাষ্ট্ৰীয় উদ্যান
বানৰ তলত ৬০-৭০ শতাংশ ওৰাং ৰাষ্ট্ৰীয় উদ্যান

মহাবাহু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ একমাত্ৰ একশিঙীয়া গঁড়ৰ আবাস ভূমি ওৰাং ৰাষ্ট্ৰীয় উদ্যান বানৰ কবলত। ব্ৰহ্মপুত্ৰ,পাচনৈ আৰু ধনশ্ৰী নৈৰ বাঢ়নি পানী সোমাই বিগত ৩-৪ দিন ধৰি প্লাবিত কৰে উদ্যানৰ ৬০-৭০ শতাংশ উদ্যান-ভূমি । ওখ ভূমিত আশ্ৰয় লৈ একাংশ জীৱ-জন্তুই প্ৰাণ ৰক্ষা কৰাৰ বিপৰীতে হৰিণ আদি জীৱ-জন্তু গৈছে পানীত উটি । ইয়াৰ অধিকাংশই সাতুৰি-নাদুৰি বাহিৰলৈ ওলাই গৈ বিভিন্ন স্থানত আশ্ৰয় লৈছে যদিও ইতিমধ্যে ৪-৫ পহু ব্ৰহ্মপুত্ৰত ডুবি মৃত্যু মুখত পৰিছে । অৱশ্যে চৰত আশ্ৰয় লোৱা বহুকেইটা হৰিণা জীৱন্তে উদ্ধাৰ কৰি মঙলদৈৰ আৰক্ষীয়ে উদ্যান কৰ্তৃপক্ষক খবৰ দি চমজি দিছে । ১২৫টা গড়, প্ৰায় ২০টা হাতী,২৮ টা বাঘ, সহস্ৰাধিক পহু, ১৬০ টা নল গাহৰি আদি আপুৰুগীয়া বন্যপ্ৰাণীৰ বিচৰণ ভূমি এই উদ্যানখনৰ সুৰক্ষাত ব্ৰতী বনকৰ্মীসকলৰ আশ্ৰয় আৰু নিৰীক্ষণস্থল বন শিবিৰবোৰৰ ভিতৰত বানৰ কবলত পৰিছে ২০টা বন শিবিৰ। ইপিনে উদ্যানৰ দক্ষিণে ব্ৰহ্মপুত্ৰৰ তীব্ৰবেগী সোতে অব্যাহত ৰাখিছে ভয়ংকৰ গৰাখনীয়া । উদ্যানৰ ভিতৰত পানীৰ সোঁতে ছিঙি ছিন্ন-বিছিন্ন কৰিছে বহুতো বাট-পথ । এনে অসুচল অৱস্থাত বনকৰ্মীসকলে হাট নাও,মেচিন নাওত উঠি দিনে-নিশাই ৰাখিছে চোকা পহৰা ।

You might also like
Leave A Reply

Your email address will not be published.