ঢকুৱাখনাৰ বাটমাৰীত কাব্য-সাহিত্যৰ বৰ্ণিল অনুষ্ঠান

ঢকুৱাখনাৰ বাটমাৰীত কাব্য-সাহিত্যৰ বৰ্ণিল অনুষ্ঠান

ব্যুৰ’ ৰিপ’ৰ্ট:

ঢকুৱাখনা আৰু ঘিলামৰাৰ সাহিত্য-সংস্কৃতিৰ সৈতে জড়িত এমুঠিমান লোকৰ প্ৰচেষ্টাত কঢ়া নৈৰ পাৰৰ চাপৰিৰ কহুৱা ফুলা উপত্যকাত আয়োজিত দ্বিতীয় বৰ্ষত ভৰি দিয়া কাব্য-সাহিত্যৰ বৰ্ণিল অনুষ্ঠান-“কঢ়া পাৰৰ মালিতা” দিনজোৰা কাৰ্যসুচীৰে অনুষ্ঠিত হৈ যায়।

আয়োজক সমিতিৰ সভাপতি অতুল বৰুৱাই গছপুলি ৰোপনেৰে শুভাৰম্ভ কৰা কাব্যানুষ্ঠানৰ উদ্ধোধন কৰে নৰ্মাল স্কুল,ঢকুৱাখনাৰ অধ্যক্ষ লক্ষী কোঁৱৰে।ইয়াৰ পূৰ্বেই কাব্যানুষ্ঠানত বন্তি প্ৰজ্বলন কৰে দামোদৰ বৰুৱাই। ইয়াৰ পিছতেই সকলোৱে “চিৰচেনেহী মোৰ ভাষা জননী” গীতটি পৰিৱেশন কৰি কাব্যানুষ্ঠানৰ মাজলৈ সোমাই যায়।অনুষ্ঠানৰ আৰম্ভনিতে সুদীপ্তা নয়না চমুৱাই এটি সুন্দৰ নৃত্য পৰিৱেশন কৰে।

ঢকুৱাখনাৰ এগৰাকী বিশিষ্ট কবি, লেখিকা নৱনীতা
গগৈৰ সঞ্চালনাত এক গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়।এই সভাতে সাংবাদিক দামোদৰ বৰুৱাৰ সম্পাদনাত প্ৰকাশিত-“কঢ়া পাৰৰ মালিতা” শীৰ্ষক কাব্য সংকলনখনি কৰে গোগামুখ এন,চি,ডি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিৎ দলেয়ে।
ইয়াৰ পিছতেই দিনৰ ১১ বজাৰ পৰা ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ৰ অধ্যাপক ড০ জিতু কুমাৰ চমু্ৱাৰ সঞ্চালনাত-“কঢ়া পাৰৰ মালিতা” শীৰ্ষক কাব্য-সাহিত্য পাঠৰ অনুষ্ঠান আৰম্ভ হয়।

এই অনুষ্ঠানত আমন্ত্ৰিত কবি হিচাপে অংশগ্ৰহণ কৰি-দণ্ডি গগৈ, পাপৰি গগৈ, প্ৰতিমা বুঢ়াগোহাঁই, সুৰুয কুমাৰ ভুঞা, শেখৰজ্যোতি নেওগ,
প্ৰতিমা চেতিয়া, ইন্দিৰা গগৈ, ৰাজীৱ বৰুৱা, দুলাল দিহীঙীয়া, গীত গগৈ, গুণগুণ গগৈ, অমৰজ্যোতি ঘোষ,
লুকুমণি গগৈ, মনোজ গগৈ,
শিৰোমণি ফুকন, মাধুৰ্য গগৈ,
ৰঞ্জিতা হাজৰিকা চেতিয়া,
দিপাংকৰ চেতিয়া, বৰ্ণালী দত্ত, ময়ুৰকৃষ্ণা বড়া, অতুল বৰুৱা, নিৰঞ্জন গগৈ, উত্তম কুমাৰ হাজৰিকা, কল্প ফুকন, স্বৰ্গজোতি চেতিয়া,
ৰাতুল বৰুৱাকে ধৰি দুকুৰিজনো অধিক গোগামুখ, মাজুলী,
ঢকুৱাখনা আৰু ঘিলামৰাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কবিয়ে কবিতা পাঠ কৰে।উল্লেখ্য যে এই কাব্যানুষ্ঠানৰ মাজতে-পাপৰি গগৈ, গীত
(দীপক)গগৈ, পাপৰি গগৈ,
দুলাল দিহীঙীয়াই গীত পৰিৱেশন কৰি আৰু প্ৰতিমা চেতিয়াই ৰাসৰ সংলাপ মাতি কবিসকলক মনোৰঞ্জন দিয়ে।

You might also like
Leave A Reply

Your email address will not be published.