ৰক্ষকেই ভক্ষক! পুনৰ আৰক্ষীৰ খাকী পোছাকত লাগিল ডাগ। এইবাৰ খোদ আৰক্ষীৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ!

গোসাঁইগাঁৱত ঘটিল নিৰ্লজ্জ কাণ্ড। এগৰাকী নাবালিকাক ধৰ্ষণ কৰি পলাল এজন আৰক্ষী কনিষ্টবল। কোকৰাঝাৰৰ তুলসীবিল আৰক্ষী চকীৰ এগৰাকী নাবালিকাক নানা ধৰণে প্ৰলোভন দি বলপূৰ্বকভাৱে ধৰ্ষণৰ পিছতে গ্ৰেপ্তাৰৰ ভয়ত পলাই ফুৰিছে আৰক্ষী কনিষ্টবল ময়নুদ্দিন সেখ৷ অভিযোগ মতে,ফালুগুৰী গাঁৱৰ ময়নুদ্দিন সেখ নামৰ আৰক্ষী কনিষ্টবলজনে এগৰাকী নাবালিকাক ২০২২ চনতে বলপূৰ্বকভাৱে ধৰ্ষণ কাণ্ড সংঘটিত কৰিছিল ৷

আৰক্ষীজনে সংঘটিত কৰা এনে জঘন্য কাণ্ড পিতৃ-মাতৃয়ে অৱগত হোৱাৰ পিছতে পৰিয়ালে আৰক্ষী থানাত গোচৰ দিয়ে ৷ কিন্তু লম্পট আৰক্ষী কনিষ্টবল ময়নুদ্দিন সেখৰ পৰিয়ালে বিপদৰ উমান পাই নাবালিকাক উপযুক্ত বয়সত অৰ্থাৎ ১৮ বছৰ সম্পন্ন হোৱাৰ পিছত বিয়া কৰাব বুলি প্ৰতিশ্ৰুতি দি ধুবুৰীৰ বিলাসীপাৰা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত নটাৰী যোগে এখন চুক্তিপত্ৰত স্বাক্ষৰ কৰিছিল।কিন্তু প্ৰতিশ্ৰুতিৰ পিছতো ময়নুদ্দিন সেখে বিয়া নাপাতিলে নাবালিকা গৰাকীক। অৱশেষত ভূক্তভোগী পৰিয়ালে উপায়ন্তৰ হৈ আৰক্ষী বিযয়াজনৰ বিৰুদ্ধে গোসাইগাঁও সদৰ থানাত দাখিল কৰে এজাহাৰ ৷

সম্প্ৰতি গোসাইগাঁও আৰক্ষী থানাত পক্স’আইনৰ ধাৰা আৰু ভাৰতীয় দণ্ডাবিধি আইনৰ ৩৭৬ ধাৰাৰ অধীনত ১১২/২০২৪ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰা হৈছে ৷ কনিষ্টবল জনক আৰক্ষীয়ে বৰ্তমানেও কৰায়ত্ব কৰিবলৈ সক্ষম নোহোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

 

You might also like
Leave A Reply

Your email address will not be published.