ইউক্ৰেইনৰ প’লটাভাত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ

দুটা বেলিষ্টিক মিছাইলৰ দ্বাৰা সামৰিক শিক্ষানুস্থানত আঘাট কৰাৰ ফলত কমেও ৪১ জন লোক নিহত হোৱাৰ লগতে ১৮০ জনতকৈ অধিক লোক আহত হৈছে

ইউক্ৰেইনৰ প’লটাভাত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ । আজি ইউক্ৰেইনৰ প’লটাভাত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ । দুটা বেলিষ্টিক মিছাইলৰ দ্বাৰা সামৰিক শিক্ষানুস্থানত আঘাট কৰাৰ ফলত কমেও ৪১ জন লোক নিহত হোৱাৰ লগতে ১৮০ জনতকৈ অধিক লোক আহত হৈছে । ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, ৰাছিয়াৰ দুটা বেলিষ্টিক মিছাইলে এখন চিকিৎসালয় আৰু এখন শিক্ষানুষ্ঠানত আঘাট হানি প্ৰতিষ্ঠানটোৰ এটা অট্টালিকা আংশিকভাৱে ধ্বংস কৰে। বহুতে ধ্বংসাৱশেষত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। লগতে অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলোৱা হৈছে আৰু কেইবাজনো লোককো উদ্ধাৰ কৰা হৈছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে এই আক্ৰমণ আৰু ইয়াৰ পৰিস্থিতিৰ সম্পূৰ্ণ তদন্তৰ নিৰ্দেশ দিছে।

You might also like
Leave A Reply

Your email address will not be published.