বিয়া ঘৰত চোৰৰ তাণ্ডৱ। লুটি নিলে ৮ টাকৈ মোবাইল!

মৰিগাঁৱৰ এখন বিয়াত চোৰৰ তাণ্ডৱ! চোৰে লুটিলে ৮ টাকৈ মোবাইলসহ নগদ ধন…

মৰিগাঁৱৰ নভেটিৰ এখন বিয়া ঘৰত চোৰে চলাইছে তাণ্ডৱ। বিয়া ঘৰতে চোৰে লুটি নিলে ৮ টাকৈ মোবাইল আৰু বিয়াত অহা আলহীৰ বেগৰ পৰা নগদ ধন।জানিব পৰা মতে নিশা বিয়া ঘৰত সকলো মানুহ শুই যোৱাৰ সুযোগ লৈ চোৰে লুটিলে আলহীৰ লগতে গৃহস্থ ৰ মোবাইল আৰু আলহীৰ বেগৰ টকা নগদ টকা পইচা আৰু বিভিন্ন সামগ্ৰী। গৃহস্থই ঘৰত চোৰ সোমোৱা গম পাই বাহিৰত চাবলৈ যোৱাত গৃহস্তৰ বাইক খন নেদেখি বিচাৰি যোৱাত বাইক খন পথৰ দাতিত এৰি থৈ যোৱা প্ৰত্যক্ষ কৰে। পৰিয়ালটোৱে চুৰি কাণ্ড সন্দৰ্ভত আৰক্ষীক অবগত কৰিছে যদিও বৰ্তমানলৈকে চুৰি কাণ্ডত জড়িত থকা এজনো ব্যক্তিকো আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।

You might also like
Leave A Reply

Your email address will not be published.