এইবাৰ পাঠাৰ কামনাৰ বলি নাবালিকা

ক্ষিণ শালমাৰাত অষ্টম শ্ৰেণীৰ ১৪ বছৰীয়া নাবালিকাক অপহৰণ কৰি ধৰ্ষণৰ চেষ্টা। দক্ষিণ শালমাৰাৰ বন্দিহানা উপ আৰক্ষী চকীৰ অন্তৰ্গত বাহিৰ শালমাৰা ৪ৰ্থ খণ্ড গাওঁৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীক একে গাওঁৰে পাঠা ওৰফে মমিনুল হক নামৰ লম্পট চৰিত্ৰৰ মানুহ জনে নাবালিকা গৰাকীক ঘৰৰ পৰা ফুচুলাই মাতি লৈ যায়। নাবালিকা গৰাকীক মটৰছাইকেলত উঠিবলৈ দিয়ে নাবালিকা গৰাকী অমান্তি হোৱাত হাত দুখন বান্ধি মুখত ৰুমালেৰে হপাহ দি মটৰছাইকেলত বহাই দিয়ে। চিৰাখোৱা ২য় খণ্ড গাওঁৰ খাইৰুল হক নামৰ ১৯ বছৰীয়া লম্পট যুৱক জনে মটৰচাইকেলখন চলাই যায় আৰু নাবালিকা গৰাকীক মাজত বহাই ভণ্ড পাঠা ওৰফে মমিনুলে পিছত ধৰি বহি থাকে আৰু চিৰাখোৱা অভিমুখে ৰাওনা হয়।ফুল কাটাৰি পাৰঘাটত যোৱাৰ পিছত এন্ধাৰ হৈ যায় ৭:৩০ মান বাজিছিল তেতিয়া দুয়ো জনে মিলি ধৰ্ষণৰ চেষ্টা চলায় নাবালিকা গৰাকীক।এই ফালে কিশোৰীৰ দেউতা বন্দিহানা আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল গৈ চিৰাখোৱা ২য় খণ্ড গাওঁৰ খাইৰুল হকৰ ঘৰত উপস্থিত হয়।নাবালিকা গৰাকীক উদ্ধাৰ কৰি থানাত লৈ আহে ।নাবালিকাগৰাকীৰ দেউতা কাশেম আলী থানাত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে এতিলৈকে পাঠা ওৰফে মমিনুল আৰু খাইৰুলক গ্ৰেপ্তাৰ কৰিব পাৰ নাই। দুইয়ো জন বৰ্তমান পলাতক হৈ আছে বুলি জানিব পৰা গৈছে।

You might also like
Leave A Reply

Your email address will not be published.