⏩১২৯০ চনত পঞ্জাবৰ শাসক জালালুদ্দিন খলজিৰ দিল্লী দখল, দাস বংশৰ অৱসান আৰু খলজিৰ বংশৰ ৰাজত্বৰ সূচনা।
⏩১৭৫৭ চনত ১০০০ ইউৰোপীয় সেনা ,২০০০ ভাৰতীয় সেনা আৰু আঠটা কামান লৈ ৰবাৰ্ট ক্লাইভৰ ছিৰাজুদৌলাৰ বিৰুদ্ধে যুদ্ধ দিবলৈ মুৰ্ছিদাবাদলৈ যাত্ৰা।
⏩১৭৭৩ চনত ইংৰাজ পদাৰ্থ-বিজ্ঞানী টমাছ ইয়ঙৰ জন্ম।
⏩১৮৬৫ চনত আইৰিছ কবি আৰু নাট্যকাৰ উইলিয়াম বাটলাৰ ইয়েটছৰ জন্ম।
⏩১৯৪০ চনত জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ কলংকিত নায়ক মাইকেল অ’ ডায়াৰক হত্যাৰ অভিযোগত উধম সিঙক লণ্ডনত ফাঁচি।
⏩১৯৪৩ চনত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জাপানলৈ যাত্ৰা । তাত তেওঁ আজাদ হিন্দ ফৌজত যোগ দিয়ে আৰু এই বছৰৰে ২৫ আগষ্টত সংগঠনটোৰ সৰ্বাধিনায়ক হয়গৈ।