আজি ১৩ ছেপ্টেম্বৰ

আজি সন্ত্ৰাসবাদ বিৰোধি দিৱস

১৯০৪ চনত অসমৰ সমবায় সমিতি ‘শ্বিলং সমবায় টাউন বেংক’ প্ৰতিষ্ঠা ।

১৯১৬ চনত এনি বেছান্টৰ ভাৰতৰ  হোমৰুম লীগ প্ৰতিষ্ঠা।

১৯২২ চনত লিবিয়াৰ আজিজিয়াত তাপমাত্ৰা ৫৭.৭ ডিগ্ৰী চেলছিয়াছ । ইয়েই এতিয়ালৈকে পৃথিৱীৰ  সৰ্বোচ্চ তাপমাত্ৰ।

১৯৪৮ চনত ভাৰতীয় সেনা দ্বাৰা নিজামৰ ৰাজ্য হায়দৰাবাদ দখল ।

১৯৭১ চনত চীনৰ সামৰিক বাহিনীৰ প্ৰধান তথা চীনৰ কনিউনিষ্ট পাৰ্টিৰ বিশিষ্ট নেতা লিন পিয়াত্তৰ বিমান দুৰ্ঘটনাত মৃত্যু।

১৯৯২ চনত কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰিয় মানৱ অধিকাৰ আয়োগ গঠনৰ সিধান্ত।

১৯৯৫ চনত  সাহিত্যিক মহেশ্বৰ নেওগৰ মৃত্যু।

১৯৯৬ চনত লোকসভাত লোকপাল  বিধেয়ক  গৃহীত।

২০০৩ চনত প্ৰধানমন্ত্ৰী অটল বিহাৰী  বাজপেয়ীৰ দ্বাৰা ‘দা হিন্দু” কাকতৰ ১২৫ বছৰীয়া জয়ন্তী উদ্বোধন।

 

 

You might also like
Leave A Reply

Your email address will not be published.