আজি ৫ অক্টোবৰ

১০৫৬ জার্মান সম্রাট তৃতীয় হেনৰীৰ মৃত্যু।

 

১৬৭৬ ইংলেণ্ডৰ ৰজাৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত ধাতুৰ মুদ্রা প্রস্তুত কৰাৰ বাবে টাকশাল স্থাপনৰ অনুমতি লাভ। সেই অনুসৰি বোম্বাইত (মুম্বাই) প্রথম টাকশাল স্থাপন কৰা হয় আৰু প্রথম মুদ্রা প্রস্তুত কৰা হয় ১৬৭৮ চনত।

 

১৭১৩ ফৰাচী দার্শনিক, নাট্যকাৰ আৰু সাহিত্য সমালোচক ডেনিছ দিদেবোৰ জন্ম। এওঁৰ সম্পাদনাতে ১৭৫১ চনত প্রকাশ হয় বিশ্বৰ প্ৰথমখন আধুনিক বিশ্বকোষ ‘এনচাইক্লোপেডী’।

 

১৮৬৪ চলচ্চিত্ৰৰ কেমেৰাৰ আৱিষ্কাৰক লুমিয়েৰ ভাতৃদ্বয়ৰ লুই লুমিয়েৰৰ জন্ম। ককায়েক আগষ্ট লুমিয়েৰৰ সৈতে লগ লাগি তেওঁ ১৮৯৫ চনত চিনেমা প্রদর্শন কৰা এটা নতুন আৰু উন্নত

 

যন্ত্র ‘চিনেমাটোগ্রাফ’ সাজি উলিয়ায়।

 

১৯৩৯ ৰৰ্বাট নিল বেইড অসমৰ ৰাজ্যপাল। ১৯৪২ চনৰ ৩ মে’লৈকে তেওঁ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰে।

 

১৯৮৮ লণ্ডনত বসবাস কৰা ভাৰতীয় ঔপন্যাসিক ছলমান ৰুশ্বদীৰ ‘ছাটানিক ভাৰ্ছেছ’ গ্ৰন্থৰ ওপৰত ভাৰত চৰকাৰৰ নিষেধাজ্ঞা।

 

১৯৮৯ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ ৰূপে ফাতেমা বিবিৰ কাৰ্যভাৰ গ্ৰহণ।

 

১৯৯০ সংযুক্ত জাৰ্মানীৰ সংসদৰ প্ৰথম অধিৱেশন আৰম্ভ।

 

২০০৪ বগৰীবাৰীৰ জালবিল বজাৰত এন ডি এফ বিৰ গুলীত ১০জনৰ মৃত্যু।

 

২০০৪ ফ্রেংক উইলজেক, ডেভিদ জে গ্রেছ, ডেভিদ প’লিটজাৰলৈ পদার্থ-বিজ্ঞানৰ নোবেল বঁটা।

 

২০০৫ চনত অসমৰ ডিকমৰ তেলখাদক সংঘটিত এক বিধ্বংসী অগ্নীকাণ্ডত ১৫ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ জ্বলি  অইল  ইণ্ডিয়াৰ প্ৰায় ১০০ কোটি টকাৰ লোকচান।

 

You might also like
Leave A Reply

Your email address will not be published.