আজি ২৪ আগষ্ট

১৬৯০ ব্রিটিছ ইষ্ট ইন্ডিয়া কোম্পানীৰ পূব ভাৰতৰ বাণিজ্যিক অধিকর্তা জব চার্নকৰ কলকাতাত পদার্পণ আৰু বসতি স্থাপন। এই দিনটোক কলকাতা চহৰৰ প্ৰতিষ্ঠা দিৱস ৰূপে গণ্য কৰা হয়।

১৮১৯ আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম।

১৮৯৮ জীৱবিজ্ঞানী আলবেয়াৰ ক্লডৰ জন্ম। ১৯৭৪ চনত তেওঁ চিকিৎসা-বিজ্ঞানৰ নোবেল – বঁটা লাভ কৰিছিল।

১৯২৫ স্বাধীনতা সংগ্ৰামী আৰ জি বন্দৰকৰৰ মৃত্যু।

১৯৬৯ বৰাহগিৰি ভেংকটগিৰি ভাৰতৰ ৰাষ্ট্ৰপতি। ১৯৭৪ চনৰ ২৪ আগষ্টলৈকে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰে।

১৯৭৪ ফখরুদ্দিন আলী আহমেদ ভাৰতৰ ৰাষ্ট্ৰপতি। ১৯৭৭চনৰ এঘাৰ ফেব্ৰুৱাৰীলৈকে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কার্যনির্বাহ কৰে।

১৯৮৯ মার্কিন মহাকাশযান ভয়েজাৰৰ নেপচুন অতিক্রম।

২০০০ সংগীতজ্ঞ কল্যাণজী বীৰশ্বাহৰ (কল্যাণজী-আনন্দজী খ্যাত) মৃত্যু।

২০০২ ধেমাজি জিলাৰ বিভিন্ন অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ধুমুহাত তিনি শতাধিক ঘৰ বিধ্বস্ত।

২০০৪ অসমৰ প্ৰথম মুখ্য মন্ত্ৰী ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈৰ পত্নী, সমাজসেবিকা সুৰবালা বৰদলৈৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.