আজি ২৩ আগষ্ট

➡️১৮৬৬ প্রাগত অষ্ট্ৰিয়া আৰু পুছিয়াৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত। ইতিহাসত এই চুক্তি ‘প্রাগ চুক্তি’ নামে জনাজাত।

➡️১৮৯৮ প্রসিদ্ধ বাংলা সাহিত্যিক তাৰাশংকৰ বন্দোপাধ্যায়ৰ জন্ম। ১৯৪৫ চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ প্ৰথম উপ-প্রধান মন্ত্ৰী ৰূপে নিযুক্তি।

➡️১৯৫৯ ন্যায়াধীশ চন্দ্ৰেশ্বৰ প্ৰসাদ সিন্হাৰ অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ। ১৯৫৯ চনৰ ১৩ অক্টোবৰলৈকে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।

➡️১৯৯১ ৰুছ গণৰাজ্যত বৰিছ য়েল্টছিনৰ কমিউনিষ্ট পার্টীক নিষিদ্ধ ঘোষণা।

➡️১৯৯১ ছোভিয়েট কমিউনিষ্ট পার্টীৰ কেন্দ্ৰীয় সমিতিৰ আঠসত্তৰ বছৰীয়া মুখপত্র ‘প্রাভডা’ এই তাৰিখৰ পৰা কেৱল কমিউনিষ্ট পাৰ্টীৰ ৰাজনৈতিক পত্রিকা ৰূপে প্রকাশিত হয়।
➡️১৯৯৮ ৰুছ প্ৰধান মন্ত্ৰী কিৰিয়েংকোক ৰাষ্ট্ৰপতি বৰিছ য়েল্টছিনৰ অপসাৰণ। নতুন প্রধান মন্ত্ৰী ভিক্টৰ চেৰনেমিৰডন।

➡️২০০০ কেন্দ্রীয় শক্তিমন্ত্রী পি আৰ কুমাৰমংগলমৰ মৃত্যু। ২০০১ মধ্যপ্রাচ্যৰ সংকট মোচনৰ অৰ্থে সমর্থন বিচাৰি য়াছেৰ আৰাফটৰ ভাৰত ভ্রমণ।

You might also like
Leave A Reply

Your email address will not be published.