➡️বেলজিয়ামৰ ৰাষ্ট্ৰীয় দিবস।
➡️১৬৫৮ পিতৃ শাহজাহানক আগ্রা দুৰ্গত বন্দী কৰি অনানুষ্ঠানিকভাবে ঔৰংগজেৱৰ দিল্লীৰ ৰাজপাটত আৰোহণ।
➡️১৮৩১ এখন সুকীয়া ৰাষ্ট্ৰ ৰূপে বেলজিয়ামৰ গঠন।
➡️১৮৮৩ কলকাতাত ভাৰতৰ প্ৰথম ৰাজহুৱা ৰংগমঞ্চ ‘ষ্টাৰ থিয়েটাৰ‘ মুকলি।
➡️১৮৯৯ আমেৰিকাৰ গল্পকাৰ, ঔপন্যাসিক আর্নেষ্ট হেমিংৱেৰ জন্ম। ‘দি অ‘ল্ড মেন এণ্ড দা ছী‘ তেওঁৰ প্ৰসিদ্ধ উপন্যাস। মূলতঃ এইখন উপন্যাসৰ বাবেই হেমিংৱেই লাভ কৰে ১৯৫৪ চনৰ সাহিত্যৰ নোবেল বঁটা।
➡️১৯০৬ ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি উমেশ চন্দ্র বেনাৰ্জীৰ মৃত্যু।
➡️১৯৫৪ পর্তুগীজৰ হাতৰ পৰা দাদ্ৰা মুক্ত।
➡️১৯৬১ মহাকাশত মানুহৰ বিচৰণ সম্ভৱপৰ কৰি তোলাৰ অর্থে মার্কিন মহাকাশযান ‘মাৰ্কাৰী লিবাটী বেল‘ মহাকাশলৈ উৎক্ষেপণ।
➡️১৯৬৩ ১৯২১ চনতে প্রতিষ্ঠা কৰা কাঁশী বিদ্যাপীঠক বিশ্ববিদ্যালয়লৈ উন্নীত। ১৯৮৯ আনিছেট্টী ৰঘুবীৰৰ অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ। ১৯৯০ চনৰ ২ মে‘লৈকে তেওঁ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️২০০১ কাশ্মীৰত অমৰনাথ যাত্রীসহ ১৫জনক গুলীয়াই হত্যা। ২০০৩ সংসদৰ ৩৩ দিন জোৰা বর্ষাকালীন অধিৱেশন আৰম্ভ। ২০০৭ ভাৰতৰ দ্বাদশ ৰাষ্ট্ৰপতি ৰূপে প্রতিভা পাটিল নির্বাচিত।