আজি ২৮ জুলাই

 

➡️১৭৫০ ইউৰোপৰ বিশিষ্ট সংগীতশিল্পী যোহান ছেৱাষ্টিন বাখৰ মৃত্যু।

➡️১৮২১ পেৰুৰ স্বাধীনতা লাভ।

➡️১৯১৪ ছাৰ্বিয়াৰ বিৰুদ্ধে অষ্ট্ৰিয়াৰ যুদ্ধ ঘোষণা। জার্মানীয়ে অষ্ট্ৰিয়াৰ পক্ষ লয়; ব্রিটেইন, ফ্রান্স আৰু ৰাছিয়াই ছাবিয়াৰ পক্ষ অৱলম্বন কৰে। সূচনা হয় প্রথম মহাসমৰৰ।

➡️১৯৩২ কবি হীৰেন ভট্টাচাৰ্যৰ জন্ম।

➡️১৯৩৯ দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু।

➡️১৯৬৮ ৰসায়ন-বিজ্ঞানত নোবেল বঁটা বিজয়ী (১৯৪৪) জার্মান বিজ্ঞানী অটো হানৰ মৃত্যু।

➡️১৯৭৯ চৰণ সিং ভাৰতৰ প্ৰধান মন্ত্রী। ১৯৮০ চনৰ ১৪ জানুৱাৰীলৈকে তেওঁ ভাৰতৰ প্ৰধান প্রধান মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে।

➡️১৯৮৪ লছ এঞ্জেল্ত অলিম্পিক ক্রীড়া সমাৰোহ আৰম্ভ। এই সমাৰোহ ১২ আগষ্টলৈকে চলে।

➡️১৯৮৯ মুফতি মহম্মদ ছয়ীদৰ ৰাজ্যসভাৰ সদস্যপদ খাৰিজ। দলত্যাগবিৰোধী আইনৰ অধীনত সংসদৰ সদস্যপদ বাতিলৰ ঘটনা এয়ে প্রথম।

➡️২০০১ জীৱনজোৰা সাহিত্য সাধনাৰ স্বীকৃতি স্বৰূপে মামণি ৰয়ছম গোস্বামীলৈ ২০০০ চনৰ ভাৰতীয় জ্ঞানপীঠ বঁটা ঘোষণা। এই বঁটা লাভ কৰা তেৱেঁই প্রথম অসমীয়া।

You might also like
Leave A Reply

Your email address will not be published.