আজি কৃষ্ণ জন্মাষ্টমী

আজি কৃষ্ণ জন্মাষ্টমী । আজিৰ পৱিত্ৰ দিনটোতে দুষ্টক দমনৰ লগতে পৃথিৱীবাসীক ৰক্ষা কৰি শুদ্ধ মাৰ্গ প্ৰদৰ্শনৰ অৰ্থে আবিৰ্ভাৱ হৈছিল বিশ্ব জগতৰ প্ৰভু নাৰায়ণৰ । ভাদ মাহত কংসৰ কাৰাগাৰত দৈৱকীৰ উদৰত জন্ম হৈছিল ভগৱান শ্ৰীকৃষ্ণৰ ৷ শ্ৰীমদ্ভাগৱত গীতাত উল্লেখ থকা অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল ভাদ মাহৰ কৃষ্ণ পক্ষৰ ৰোহিনী নক্ষত্ৰৰ অষ্টমী তিথিত ৷ সেই অনুসৰি, হিন্দু ধৰ্মাৱলম্বী লোক সকলে ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱ উলহ-মালহেৰে পালন কৰি আহিছে ৷ জন্মাষ্টমী উপলক্ষে ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনা কৰিবলৈ সমগ্ৰ দেশবাসী সাজু হৈছে ৷ সেইদৰে মথুৰাত জন্মাষ্টমীক লৈ উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে ৷ শিশু কৃষ্ণৰ গুণ-গৰিমা, বন্দনাৰে মুখৰিত হৈছে চৌদিশ ৷ ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনৰ বাবে ৰাজ্যৰ সত্ৰ–নামঘৰ সমূহত ভকত–বান্ধৱৰ ভিৰ আৰম্ভ হৈছে । ভক্তি ৰসৰ অমিয়া সুৰেৰে জীপাল হৈ পৰিছে উজনি–নামনি । ভগৱান বিষ্ণুৰ শ্ৰেষ্ঠ অৱতাৰ শ্ৰীকৃষ্ণৰ জন্মদিন উপলক্ষে প্ৰান্তে প্ৰান্তে অনুষ্ঠিত কৰা হৈছে ধৰ্মীয় কাৰ্যসূচীৰ ।

Leave A Reply

Your email address will not be published.